নিয়মীয়া বাৰ্তা, ২ মেঃ পঞ্জাৱত ক’ৰোনা যোদ্ধাৰ ওপৰত দিন দুপৰতে আক্ৰমণ । পঞ্জাৱৰ জলন্ধৰত লকডাউনৰ সময়ত ৰাজপথত কৰ্মৰত এজন আৰক্ষী উপ পৰিদৰ্শকক এজন লোকে ব্যক্তিগত বাহনেৰে মহটিয়াই নি প্ৰাণে মৰাৰ চেষ্টা কৰে ।
এই সমগ্ৰ ঘটনাৰ এক ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাত বৰ্তমান চাঞ্চল্যৰ সৃষ্টি কৰিছে । ভিডিঅ’টোত প্ৰত্যক্ষ কৰা অনুসৰি, এজন লোকক আৰক্ষী বিষয়াজনে লকডাউনৰ নীতি-নিৰ্দেশনা নামানি উলাই অহাৰ বাবে সোধ-পোছৰ বাবে ৰখোৱাৰ চেষ্টা কৰে । কিন্তু লোকজনে তেওঁৰ গাড়ীখন নৰখাই আৰক্ষী বিষয়াজনক মহটিয়াই নিয়াৰ চেষ্টা কৰে । অৱশ্যে সুভাগ্যক্ৰমে আৰক্ষী উপ পৰিদৰ্শকজনে গাড়ীৰ বনেটত ধৰি লোৱাত মৃত্যুৰ পৰা বাছে । পাছত এই অভিযুক্ত লোকজনক আৰক্ষীয়ে কৰায়ত্ত কৰে ।
ইতিমধ্যে ধৃত গাড়ীচালক অনমুল মেহনী আৰু পাৰমিন্দাৰ কুমাৰক (গাড়ীৰ মালিক) গ্রেপ্তাৰ কৰা হৈছে । লগতে তেওঁলোকৰ বিৰুদ্ধে হত্যাৰ চেষ্টা আৰু অন্যান্য অভিযোগ তুলি এক গোচৰ ৰুজু কৰা হৈছে বুলি পঞ্জাৱ আৰক্ষীৰ সঞ্চালক প্ৰধান দিনকাৰ গুপ্তাই জানিবলৈ দিছে ।
#WATCH Punjab: A car driver drags a police officer on car’s bonnet in Jalandhar, after the officer tried to stop the vehicle today, amid #COVID19 lockdown. pic.twitter.com/IZUuTHapsK
— ANI (@ANI) May 2, 2020