🔹 স্কুলৰ কর্তব্যৰ আধা সময় কেৱল গেম খেলাত ব্যস্ত
বিশেষ বাৰ্তা, ১৩ জুলাই : গেম খেলাৰ অতিৰিক্ত আসক্তিয়েই কাল হ’ল! ম’বাইল ফোনত জনপ্রিয় ভিডিঅ’ গেম কেণ্ডি ক্রাছ খেলাৰ বাবেই উত্তৰ প্রদেশৰ এগৰাকী শিক্ষকৰ চাকৰি গ’ল৷ শিক্ষকগৰাকীৰ বিৰুদ্ধে অভিযোগ উঠে যে শ্রেণীকোঠাত পঢ়াবলৈ আহিও তেওঁ ম’বাইল ফোন লৈ বহি থাকে৷ ছাত্র–ছাত্রীসকলক পাঠদান ভালদৰে নকৰে৷ অন্যান্য কর্তব্যও সঠিকভাৱে পালন নকৰাৰ অভিযোগ উঠে৷ ইয়াৰ পিছতে ম’বাইল ফোন পৰীক্ষা কৰি চাই শিক্ষকগৰাকীক চাকৰিৰ পৰা অপসাৰণ কৰে স্কুল কর্তৃপক্ষই৷ এই ঘটনাৰ নেপথ্যত আছে বিদ্যালয় পৰিদর্শক ৰাজেন্দ্র পানছিয়া৷ বিদ্যালয়খনলৈ গৈ শিক্ষার্থীসকলৰ বহি পৰীক্ষা কৰি চাই আচৰিত হৈ পৰে ৰাজেন্দ্র পানছিয়া৷ ৬জন ছাত্রৰ ৬ পৃষ্ঠাৰ লেখাত ৯৫টা ভুল দেখা পায় ৰাজেন্দ্রই৷ ইয়াৰ পিছতে শিক্ষক প্রিয়ম গোৱেলে ছাত্র–ছাত্রীসকলক কি শিকায়, সেই কথা তেওঁ জানিব বিচাৰে৷ শিক্ষার্থীসকলক ঘৰুৱা কামৰ বহী কিয় শিক্ষকগৰাকীয়ে চোৱা নাছিল, সেই কথাও জানিব বিচাৰে পানছিয়াই৷ ইয়াৰ সদুত্তৰ দিব নোৱাৰিলে শিক্ষক প্রিয়মে৷ ইয়াৰ পিছতে শিক্ষকগৰাকীৰ ম’বাইল ফোন পৰীক্ষা কৰি আচৰিত হৈ পৰে ৰাজেন্দ্র পানছিয়া৷ বিদ্যালয়ত থকা প্রায় ৬ ঘণ্টা সময়ৰ ৩ ঘণ্টাতকৈ অধিক সময় শিক্ষকগৰাকীয়ে কেণ্ডি ক্রাছ খেলাৰ লগতে ছ’চিয়েল মিডিয়া এপত ব্যস্ত আছিল৷ ইয়াৰ উপৰি ২৬ মিনিট সময় ফোনত কথা পাতিছিল শিক্ষকগৰাকীয়ে৷ এই তথ্য লাভ কৰাৰ পিছতে স্কুল পৰিদর্শকগৰাকীয়ে শিক্ষা বিভাগক সবিশেষ তথ্য জনায়৷ তাৎক্ষণিকভাৱে শিক্ষা বিভাগে এই সহকাৰী শিক্ষকগৰাকীক বর্খাস্ত কৰে৷ শিক্ষকসকলে শিক্ষার্থীসকলৰ শ্রেণীকোঠা আৰু ঘৰৰ অধ্যয়নৰ কাম পৰীক্ষা কৰি চাব লাগে৷ কিন্তু এই কাম কৰা নাছিল শিক্ষকগৰাকীয়ে৷