নিয়মীয়া বাৰ্তা, ৮ আগষ্ট: ক’ৰোনা ভাইৰাছৰ অস্তিত্ব বর্তমান আছে যদিও পূর্বৰ ভয়াৱহতা নাই৷ এনে পৰিস্থিতিত অচল হৈ পৰিছে চৰকাৰে মুকলি কৰা ‘আৰোগ্য সেতু’৷ সংবাদ সংস্থাৰ প্রতিবেদন অনুসৰি আৰোগ্য সেতুৰ ডাটা একচেছ আৰু শ্বেয়াৰিং প্রট’কল বন্ধ কৰি দিয়া হৈছে৷
কেন্দ্রীয় চৰকাৰৰ তথ্য অনুসৰি এই এপৰ জৰিয়তে এতিয়াৰে পৰা কোনোধৰণৰ তথ্য আদান–প্রদান কৰিব পৰা নাযাব৷ এই এপক লৈ আৰ টি আই কৰি চৰকাৰৰ পৰা সবিশেষ জানিব বিচাৰিছিল ইণ্টাৰনেট ফ্রীডম ফাউণ্ডেচন (আইএফএফ)এ৷ ইয়াৰ পৰিপ্রেক্ষিতত চৰকাৰে সদৰী কৰিছে যে ১০ মে’ৰ পৰা আৰোগ্য সেতুৰ ডাটা একচেছ আৰু শ্বেয়াৰিং প্রট’কল বন্ধ কৰি দিয়া হৈছে৷