বিশেষ বাৰ্তা, ৮ এপ্ৰিলঃ পত্নীক লৈ ৰসিকতা মানি ল’ব নোৱাৰিলে। বিশ্ব চলচিত্ৰৰ সবাতোকৈ শ্ৰেষ্ঠ পুৰষ্কাৰ প্ৰদান অনুষ্ঠানৰ মঞ্চত উঠি অনুষ্ঠান সঞ্চালক ক্রিছ ৰকক চৰ মাৰিলে অভিনেতা উইল স্মিথে। এনে ঘটনা অস্কাৰৰ মঞ্চত প্ৰথম। সেই বিতৰ্ক এতিয়াও ম্লান পৰা নাই। ক্ষমা প্রার্থনা বিচাৰিও ৰেহাই পোৱা নাই এই বৰ্ষৰ অস্কাৰজয়ী অভিনেতাই। শাস্তি স্বৰূপে এইবাৰ কাঢ়ি নিয়া হ’ব নেকি পুৰস্কাৰ? যদিও স্মিথৰ বিৰুদ্ধে ব্যৱস্থা লোৱা নিশ্চিত হ’লেও অস্কাৰ কাঢ়ি নিয়াৰ বিষয়ত এতিয়াও দুভাগ অকাডেমীৰ বোর্ড সদস্যসকল। অকাডেমীৰ বোর্ডৰ সদস্য সংখ্যা ৫৪ জন। তাৰে ২৫ গৰাকী মহিলা। তেওঁলোকৰ ওপৰতেই সিদ্ধান্তৰ ভাৰ। লানিয়ে লানিয়ে আলোচনা, ভিডিঅ’ কনফাৰেন্সৰ পাছত এটা পক্ষই স্মিথৰ অস্কাৰ ওভোতাই লোৱা বিচাৰিছে। আন এটা পক্ষৰ বক্তব্য ইমান কঠিন শাস্তি নিদিয়াই ভাল। উল্লেখনীয় যে ইতিমধ্যে অকাডেমীৰ সদস্য পদৰ পৰা ইস্তফা দিছে স্মিথে। সেই পদত্যাগ পত্র গ্রহণো কৰিছে অকাডেমীয়ে। ইয়াৰ পাছত অভব্য আচৰণৰ শাস্তি হিচাপে স্মিথৰ অস্কাৰ কাঢ়ি নিয়াৰ প্রসংগত আলোচনা আৰম্ভ হৈছে।