নিয়মীয়া বাৰ্তা, ৩০ নৱেম্বৰঃ তেলেংগানাৰ ৰাজধানী তথা ৰাজ্যখনৰ একমাত্র অর্থনৈতিক ইঞ্জিন হিচাপে চিহ্ণিত হায়দৰাবাদত আগন্তুক পৌৰ নিগমৰ নির্বাচনক লৈ প্রায়বোৰ ৰাজনৈতিক দলৰ ৰথী–মহাৰথীসকলে চলাইছে প্রচাৰ৷ বৃহত্তৰ হায়দৰাবাদ পৌৰ নিগম (জি এইচ এম চি)ৰ আগন্তুক নির্বাচন অনুষ্ঠিত হ’ব ১ ডিচেম্বৰত৷ বিজেপিৰ নেতা অমিত শ্বাহ, যোগী আদিত্য নাথকে ধৰি ৰথী–মহাৰথীসকলে এই নির্বাচনত বিজয়ৰ বাবে চলাইছে প্রচাৰ৷ সেইদৰে কংগ্রেছ, শাসকীয় তেলেংগানা ৰাষ্ট্র সমিতি (টি আৰ এছ) আদি প্রতিটো দলেই এই নির্বাচনত প্রচাৰ তীব্রতৰ কৰিছে৷
কালি উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্য নাথে উল্লেখ কৰে যে হায়দৰাবাদৰ পৌৰ নির্বাচনত বিজেপি জয়ী হ’লে মহানগৰখনৰ নাম ভাগ্যনগৰ ৰখা হ’ব৷ ইয়াৰ পিছতেই আজি এ আই এম আই এমৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিয়ে আদিত্য নাথক উভতি ধৰি কৈছে যে হায়দৰাবাদৰ নাম সলনি কৰিব বিচৰাসকলৰ গোটেই প্রজন্মটোৱেই শেষ যাব, কিন্তু মহানগৰখনৰ নাম সলনি কৰাটো সম্ভৱ নহ’ব৷
লক্ষণীয়ভাৱে যোগী আদিত্য নাথে কালি এক সমাৱেশত ভাষণ দি হায়দৰাবাদৰ একাংশ লোকে মহানগৰখনৰ নাম পুনৰ ভাগ্য নগৰ ৰাখিব লাগে বুলি মত প্রকাশ কৰাৰ কথা উল্লেখ কৰিছিল৷ ওৱেইছিৰ মতে হায়দৰাবাদৰ কোনো নাগৰিকে আজিলৈকে চহৰখনৰ নাম সলনি কৰাৰ কথা উল্লেখ কৰা নাই৷ এনে পৰিস্থিতিত আদিত্য নাথে মিছাৰ আশ্রয় লৈ চহৰখনৰ নাম সলনি কৰাৰ প্রসংগ উত্থাপন কৰাটো লজ্জাজনক বুলিও অভিহিত কৰিছে ওৱেইছিয়ে৷