নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বহু কথা ৰাজহুৱা কৰাৰ চিন্তা–চর্চাৰে নতুন গ্রন্থ লিখাৰ বাবে সাজু মেলানিয়া ট্রাম্প

নিয়মীয়া বাৰ্তা, ৩০ নৱেম্বৰঃ আমেৰিকাৰ ৰাষ্ট্রপতি নির্বাচনত ড’নাল্ড ট্রাম্পৰ পৰাজয়ৰ পিছতে তেওঁৰ পত্নী মেলানিয়াই বিবাহ বিচ্ছেদ ঘটাব বুলি এক সংবাদ প্রকাশ পোৱাৰ পিছতেই বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছিল৷ কিন্তু হোৱাইট হাউছৰ বিষয়ববীয়াৰ বক্তব্যৰ উদ্ধৃতি দি সংবাদ মাধ্যমে এই তথ্য সদৰী কৰাৰ মাত্র কেইদিনমান পিছতেই মেলানিয়াই আমেৰিকাৰ ফার্ষ্ট লেডী হিচাপে হোৱাইট হাউছত থকা দিনবোৰক লৈ এক স্মাৰক গ্রন্থ লিখাৰ সিদ্ধান্ত লৈছে৷ হোৱাইট হাউছৰ এক সূত্রই সংবাদ মাধ্যমক জনাইছে এই তথ্য৷ যদিও ব্যক্তিগত জীৱনক লৈ অতি ব্যস্ত থকা মহিলা হিচাপে মেলানিয়াক জনা যায়, তথাপি আমেৰিকাৰ ফার্ষ্ট লেডী হিচাপে এই গ্রন্থখনৰ জৰিয়তে বহু কথা ৰাজহুৱা কৰাৰ চিন্তা–চর্চা চলাইছে মহিলাগৰাকীয়ে৷

You might also like