নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড এণ্টিবডীৰে ছিংগাপুৰত শিশুৰ জন্ম

নিয়মীয়া বাৰ্তা, ৩০ নৱেম্বৰঃ ক’ভিড–১৯ মহামাৰীৰ ভেকচিন উদ্ভাৱনৰ বাবে বিশ্বজুৰি বিভিন্ন পর্যায়ত পৰীক্ষা চলি থকাৰ সময়তে এই মহামাৰীক লৈও ন ন গৱেষণা চলাই আছে চিকিৎসা বিজ্ঞানীসকলে৷ শেহতীয়াকৈ ছিংগাপুৰত ক’ভিড আক্রান্ত মহিলা এগৰাকীয়ে এই ভাইৰাছ প্রতিৰোধী এণ্টিবডীৰ সৈতে এটি শিশুক জন্ম দিয়াৰ লগে লগে বিষয়টোক লৈ বিশ্বৰ সংবাদ মাধ্যমত ব্যাপক চর্চা চলিছে৷

ক’ভিডৰ সংক্রমণ মাতৃৰ পৰা গর্ভত থকা শিশুলৈ ঘটিব পাৰেনে নাই সেই সন্দর্ভত গৱেষণা চলোৱাত নতুন পথ বিচাৰি পাইছে চিকিৎসা বিজ্ঞানীসকলে৷ যোৱা মার্চ মাহত অন্তঃসত্ত্বা মহিলাগৰাকী ক’ভিড–১৯ত আক্রান্ত হৈছিল৷ চলিত মাহত মহিলাগৰাকীয়ে জন্ম দিছিল এটি পুত্র সন্তান৷ লক্ষণীয়ভাৱে ক’ভিড–১৯ অবিহনে জন্ম হোৱা শিশুটিয়ে কিন্তু শৰীৰত লৈ আহিছে ভাইৰাছ এণ্টিবডী৷ শিশুটিৰ মাতৃৰ বক্তব্যৰ উদ্ধৃতি দি ‘দ্য ষ্ট্রেইটছ টাইমছ’–এ প্রকাশ কৰা প্রতিবেদন অনুসৰি চিকিৎসকে এতিয়া ক’ভিড–১৯ এণ্টিবডী মাতৃৰ পৰা শিশুলৈকে গতি কৰা বুলি ধাৰণা কৰিছে৷ অর্থাৎ যি সময়ত মহিলাগৰাকী ক’ভিড–১৯ত আক্রান্ত হৈছিল তেতিয়াই গর্ভত থকা শিশুটিও ভাইৰাছবিধৰ দ্বাৰা আক্রান্ত হৈছিল বুলি ধাৰণা কৰিছে চিকিৎসকসকলে৷

মহিলাগৰাকীক ক’ভিড এণ্টিবডী প্রদান কৰা হৈছিল৷ পৰৱর্তী সময়ত এই ক’ভিড এণ্টিবডী শিশুটিলৈও বিয়পি পৰে বুলি শেহতীয়াকৈ চিকিৎসক একাংশই দাবী কৰিছে৷ ইয়াৰ জৰিয়তে বিশ্বৰ চিকিৎসা বিজ্ঞানীসকলে নতুন গৱেষণাৰ সমল লাভ কৰিছে৷

You might also like