বিশেষ বাৰ্তা, ৭ এপ্ৰিলঃ বলীউডৰ অতিকৈ চৰ্চিত এহাল প্ৰেমিক যুগল ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট্টৰ বিবাহৰ কথা এইকেইদিন বৰকৈ চৰ্চা লাভ কৰিছে। বিভিন্ন সূত্ৰে প্ৰকাশিত খবৰ অনুসৰি তাৰকা পৰিয়ালৰ এইহাল প্ৰেমিক-প্ৰেমিকাৰ অহা ১৭ এপ্ৰিলত বিয়া। কাপুৰ পৰিয়ালত বিবাহৰ প্ৰস্তুতি জোৰদাৰকৈ চলিছে। চেমবাৰৰ আৰ কে বাংলোত বিবাহৰ ডেক’ৰেছন আৰম্ভ হৈছে। জানিব পৰা মতে, অহা ১৩-১৪ এপ্ৰিলৰ পৰা বিবাহৰ বিভিন্ন অনুষ্ঠানবোৰ আৰম্ভ হ’ব। পাঞ্জাবী ৰীতি-নীতিৰে সকলো কৰা হ’ব বুলিও খবৰ ওলাইছে। উল্লেখনীয় যে বলীউডৰ প্ৰথম পৰিয়াল হিচাপে জনাজাত কাপুৰ পৰিয়ালত এইটো প্ৰজন্মৰ ল’ৰাৰ বিয়া এইখনে প্ৰথম। সেয়ে হ’ব সকলো বিশেষ। কিন্তু সীমিত অতিথিৰে বিয়াখন পাতিব।