নিয়মীয়া বাৰ্তা ৫ জানুৱাৰীঃ বলীউডৰ অভিনেত্রী কংগনা ৰানাৱতে এক টুইটযোগে বিজেপিক প্রশংসা কৰাৰ পিছতে কংগ্রেছ আৰু এন চি পিয়ে অভিনেত্রী গৰাকীৰ বিৰুদ্ধে কঠোৰ মন্তব্য আগবঢ়াইছে৷ আজি কংগ্রেছ আৰু এন চি পিৰ তৰফৰ পৰা উল্লেখ কৰা হৈছে যে মহাৰাষ্ট্র বিকাশ আঘাদি চৰকাৰৰ বিৰুদ্ধে বিজেপিৰ নির্দেশ অনুসৰি বিভিন্ন প্রচাৰ চলাই আছে কংগনা ৰানাৱতে৷
শেহতীয়াকৈ কংগনাৰ টুইটাৰ বার্তাই এই কথা স্পষ্ট কৰিছে বুলিও দুয়োটা দলে অভিযোগ কৰিছে৷ মাত্র এদিন পূর্বে ৰানাৱতে শিৱসেনাৰ নেত্রী তথা অভিনেত্রী উর্মিলা মাটোণ্ডকাৰক সমালোচনা কৰাৰ এদিন পিছতে কংগ্রেছ, এন চি পি তথা শিৱসেনাই উল্লেখ কৰিছে যে মহাৰাষ্ট্রৰ জনসাধাৰণে বিজেপিৰ বিশ্বাসঘাতকতাৰ বিৰুদ্ধে অৱস্থান গ্রহণ কৰিছে৷