ডেম’ক্রেট জো বাইডেনৰ দখলত হোৱাইট হাউছ
নিয়মীয়া বাৰ্তা, ৮ নৱেম্বৰঃ আমেৰিকাৰ নতুন ৰাষ্ট্রপতি হিচাপে নির্বাচিত হ’ল জ’ বাইডেন৷ পাঁচ দিনজোৰা উৎকণ্ঠাময় ভোটগণনাৰ পাছত কালি ড’নাল্ড ট্রাম্পৰ বিৰুদ্ধে ডেম’ক্রেট প্রার্থী বাইডেনৰ বিজয় সুনিশ্চিত হয়৷ পেনছিলভেনিয়াত শেষমুহূর্তত মেইল ভোটৰ জৰিয়তে ট্রাম্পক অতিক্রম কৰি বাইডেনে বিজয় সাব্যস্ত কৰাৰ লগে লগে তেওঁ মেজিক নম্বৰ ২৭০ স্পর্শ কৰাটো নিশ্চিত হৈ পৰে৷ এৰিজ’নাত ইতিপূর্বে বাইডেনৰ জয় নিশ্চিত হোৱাৰ পাছত সংখ্যাগৰিষ্ঠতাৰ বাবে বাইডেনক প্রয়োজন আছিল ইলেক্টৰেল কলেজৰ মাত্র ৬টা ভোটৰ৷
কিন্তু পেনছিলভেনিয়াত বিজয়েৰে তেওঁ ইলেক্টৰেল কলেজৰ ২০টাকৈ ভোট লাভ কৰে। ইয়াৰ বিপৰীতে বিদায়ী ৰাষ্ট্রপতি ট্রাম্প থমকি ৰয় ২১৪টা ভোটতে৷ ট্রাম্পৰ পৰাজয়ৰ ব্যৱধান আৰু বেছি বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷ কিয়নো তেওঁ কেৱল নর্থ কেৰ’লিনাতহে ৭৫ হাজাৰ ভোটত আগবাঢ়ি আছে আৰু প্রদেশখনৰ ইলেক্টৰেল কলেজৰ ১৫টা ভোটহে লাভ কৰাটো একপ্রকাৰ নিশ্চিত হৈছে৷
ইয়াৰ বিপৰীতে বাইডেনে জর্জিয়াত ৭ হাজাৰ আৰু নেভাডাত ৩২ হাজাৰ ভোটত অগ্রগতি লাভ কৰি আছে৷ এই অগ্রগতি যদি অক্ষুণ্ণ থাকে আৰু ২২টা ভোটেৰে বাইডেনৰ মুঠ ভোটৰ সংখ্যা ৩০০ অতিক্রম কৰিব৷ স্বাভাৱিকতে এনে ব্যৱধানে ট্রাম্পৰ পৰাজয় আমেৰিকাৰ ৰাষ্ট্রপতি নির্বাচনৰ অন্যতম শোচনীয় পৰাজয় হিচাপে চিহ্ণিত হ’ব৷
অৱশ্যে সংবাদ প্রতিষ্ঠান এছ’চিয়েটেড প্রেছকে (এ পি) ধৰি বিভিন্ন সংস্থাইহে বাইডেনৰ বিজয় নিশ্চিত কৰিছে৷ ইতিমধ্যে নির্বাচনত অনিয়ম আৰু ভোটগণনাক লৈ আপত্তি দর্শাই ট্রাম্পৰ শিবিৰে কেইবাখনো প্রদেশত বহুকেইটা গোচৰ ৰুজু কৰিছে৷