নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপি ক্ষমতালৈ আহিলে ধর্ষণ কৰিব মুছলিম মা–ভগ্নীক

নিয়মীয়া বার্তা, ৮ নৱেম্বৰঃ তীব্র সাম্প্রদায়িক মন্তব্য তথা সাম্প্রদায়িক কার্যকলাপেৰে বৰাক উপত্যকাৰ ৰাজনীতি ভয়াৱহভাৱে উত্তপ্ত কৰি তুলিছে এ আই ইউ ডি এফৰ সভাপতি তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে৷ শুকুৰবাৰে শিলচৰত এখন দলীয় সভাত তীব্র সাম্প্রদায়িক মন্তব্য কৰি পুনৰ বিতর্কৰ ধুমুহা সৃষ্টি কৰিছে৷ কালি শিলচৰৰ ৰাজীৱ ভৱনত আয়োজিত এ আই ইউ ডি এফৰ এখন কর্মীসভাত উপস্থিত থাকি বদৰুদ্দিন আজমলে কয়–  ‘২০২১ চনৰ বিধানসভা নির্বাচনত অসমত যদি পুনৰ বিজেপি ক্ষমতালৈ আহে, মুছলমান মা–ভনীসকলক ঘৰৰ পৰা তুলি নি ধর্ষণ কৰিব৷’

ধুবুৰীৰ সাংসদজনৰ মুখত উচ্চাৰিত হোৱা এনে ঘৃণনীয় সাম্প্রদায়িক মন্তব্যই এতিয়া সমগ্র কাছাৰ জিলাত তীব্র প্রতিক্রিয়া সৃষ্টি কৰিছে৷ লগতে উত্তাল কৰি তুলিছে বৰাকৰ ৰাজনীতি৷ সভাখনত সাংসদ আজমলে অকল ইয়াতেই ক্ষান্ত নাথাকি কয় যে যি বিজেপিয়ে বাবৰি মছজিদ ভাঙি ৰাম মন্দিৰ নির্মাণ কৰিছে, এই বিজেপিক মুছলমানে ভোট দিয়ে৷ যি বিজেপিয়ে তিনি তালাকক লৈ ল’ৰা–ধেমালি কৰি আছে, সেই বিজেপিক সামান্য টকাৰ বিনিময়ত মুছলমানে ভোট দিয়ে৷ এইবাৰ যদি মুছলমানে বিজেপিক ভোট দিয়ে, তেন্তে মুছলমান মা–ভনীক ঘৰৰ পৰা উঠাই নি বিজেপি নেতা–কর্মীয়ে ধর্ষণ কৰিব৷ তাৰ বাবে মুছলমান ভাইসকল সাজু থকা ভাল৷ এ আই ইউ ডি এফৰ মুৰব্বীজনে সভাখনত ধনৰ বিনিময়ত বিজেপিক ভোট নিদিবলৈ মুছলমানসকলক সতর্ক কৰি দিয়ে৷

উক্ত সভাখনতে মন্তব্য কৰি আজমলে কয়–  ‘২০২১ চনৰ নির্বাচন পর্যন্ত কংগ্রেছৰ এ আই ইউ ডি এফৰে মিত্রতা জীয়াই ৰখাৰ স্বার্থতে তৰুণ গগৈ জীয়াই থকা দৰকাৰ৷’ সম্প্রতি দীর্ঘদিনীয়া অসুস্থতাত চিকিৎসাধীন হৈ থকা প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ স্বাস্থ্য সন্দর্ভত আজমলৰ এনে সস্তীয়া বক্তব্যই এ আই ইউ ডি এফৰ মুৰব্বীজনৰ নিকৃষ্ট মানসিকতা প্রতিফলিত কৰি তুলিছে৷ ইতিমধ্যে আজমলৰ এই বক্তব্যৰ বিৰুদ্ধে তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে ৰাজ্যৰ বিত্ত, স্বাস্থ্য, শিক্ষা আৰু লোকনির্মাণ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ ড০ শর্মাই আজি সংবাদ মাধ্যমৰ আগত আজমলৰ মন্তব্যৰ প্রত্যুত্তৰত কয়– ‘বদৰুদ্দিন আজমলে নাৰীৰ কথা কৈ বেছিকৈ মুখ নেমেলাই ভাল৷

তেওঁ যিমানেই এনেধৰণৰ ধর্ষণজাতীয় কথা ক’ব, আমিও লাভ–জেহাদৰ কথা ক’বলৈ বাধ্য হ’ম৷ তেতিয়া কিন্তু আমাক দোষ দি লাভ নহ’ব৷ আমি নীলা লুঙীৰ কথাও তেতিয়া ক’ব লাগিব৷ সেয়ে আজমল মনে মনে থকাটোৱেই ভাল৷’ আনহাতে, পাকিস্তান জিন্দাবাদ শ্লোগান সন্দর্ভত মন্ত্রী ড০ শর্মাই পুনৰ স্পষ্ট কৰি দি কয়– ‘নৰেন্দ্র মোদী এয়াৰ প’ৰ্টত নামিলে মানুহে হিমন্ত বিশ্ব শর্মাৰ নাম ল’ব নেকি? আজমল এয়াৰ প’ৰ্টত নামোতে আজিজ খান জিন্দাবাদ শ্লোগান কিয় দিব? এইবোৰ অপ্রাসংগিক কথা৷ মই পাকিস্তান জিন্দাবাদ বুলি কোৱা নিজে শুনিছোঁ কাৰণে পোষ্ট দিছোঁ৷ ফেচবুকে কি কৰিছে, মই চোৱা নাই৷ পাকিস্তান জিন্দাবাদ কোৱা শ্লোগানৰ ফৰেনছিক পৰীক্ষা কৰাৰ ব্যৱস্থা কৰা হ’ব৷’

লগতে মন্ত্রী ড০ শর্মাই আজিজ খানে পাকিস্তানৰ লগতে মিলাই কিয় নিজৰ নাম ৰাখে বুলিও প্রশ্ণ উত্থাপন কৰে৷ ইফালে বিজেপিৰ সভাপতি ৰঞ্জিত দাসে আজমলৰ সাম্প্রদায়িক মন্তব্য সন্দর্ভত সংবাদ মাধ্যমৰ আগত কয়– ‘বদৰুদ্দিন আজমলৰ এই মন্তব্য মই যথেষ্ট কম বুলিয়ে ভাবিছোঁ৷ আগন্তুক দিনত ইয়াতকৈও ভয়াৱহ মন্তব্য আগবঢ়াব আজমলে৷ তেওঁলোকৰ সেয়াই হৈছে ৰাজনীতি৷ ক্ষমতা দখলৰ বাবে নিকৃষ্টতম মন্তব্য কৰিবও কুণ্ঠাবোধ নকৰে আজমলৰ দৰে ৰাজনীতিকে৷ অসমৰ ৰাইজে এনে ৰাজনীতিকৰ চৰিত্র ইতিমধ্যে বুজি উঠিছে৷’

উল্লেখ্য যে কংগ্রেছৰে মিত্রতাৰ জৰিয়তে মহাজোঁট গঠন প্রক্রিয়া চলি থকাৰ সময়তে আজমলৰ বৰাক উপত্যকা ভ্রমণ যথেষ্ট তাৎপর্যপূর্ণ বিবেচিত হৈছে৷ এই মহাজোঁটৰ জৰিয়তে কংগ্রেছ আৰু এ আই ইউ ডি এফে যে ৰাজ্যৰ ৰাজনীতিত সাম্প্রদায়িকতাৰ ভয়াৱহ পৰিৱেশ ৰচনা কৰিব, সেয়া আজমলৰ বৰাক উপত্যকা ভ্রমণৰ সময়তে স্পষ্ট হৈ পৰিছে৷

You might also like