দিল্লীত অসমৰ নির্বাচনী ৰণনীতিৰ ব্লুপ্রিণ্ট, ২৬–২৭ নৱেম্বৰত দুদিনীয়াকৈ অসমলৈ ৰাষ্ট্রীয় সভাপতি
নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰঃ বিহাৰৰ সফলতাই উৎফুল্লিত কৰি ৰখা বিজেপিয়ে পুনৰ অসমৰ ক্ষমতা দখলৰ লক্ষ্যৰে ব্যাপক তৎপৰতা আৰম্ভ কৰিছে৷ ২০২১ চনৰ এপ্রিল মাহত অনুষ্ঠিতব্য বিধানসভা নির্বাচনৰ বাবে শাসকীয় মিত্রজোঁটৰ নেতৃত্ব বহনকাৰী দলটোৱে এতিয়াৰে পৰাই যুগুত কৰিছে ৰণনীতি৷ সন্মুখত বিটিচিৰ পৰিষদীয় নির্বাচন থকাৰ মাজতে নির্বাচনী ৰণনীতিৰ ব্লুপ্রিণ্ট প্রস্তুত কৰাৰ উদ্দেশ্যে কালি নতুন দিল্লীত বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডা আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ উপস্থিতিত অনুষ্ঠিত হয় এখন গুৰুত্বপূর্ণ বৈঠক৷
ৰাষ্ট্রীয় সভাপতি নাড্ডাৰ মতিলাল নেহৰু মার্গস্থিত ৭–বি চৰকাৰী বাসভৱনত বিয়লি ৫ বজাৰ পৰা সন্ধিয়া প্রায় ৭.৪৫ বজা পর্যন্ত অনুষ্ঠিত হাইপ্রফাইল মাৰাথন বৈঠকখনত উপস্থিত আছিল মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, ‘নেডা’ৰ আহ্বায়ক তথা বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, ৰাষ্ট্রীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস, সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্রনাথ শর্মা, নৱনিযুক্ত প্রভাৰী বৈজয়ন্ত পাণ্ডা আৰু সহকাৰী প্রভাৰী পৱন শর্মা৷ নির্বাচনকেন্দ্রিক এই বৈঠকখনত বিটিচি নির্বাচনৰ কুচকাৱাজৰ মাজতে মিত্রদল বি পি এফৰে উদ্ভৱ হোৱা সংঘাত, দলটোৰ সাংসদ বিশ্বজিৎ দৈমাৰীৰ বিজেপিত যোগদান, অগপৰে আসন বুজাবুজি আদি বিষয়সমূহো উত্থাপন হয়৷
এই কথা স্পষ্ট হৈছে বৈঠকৰ অন্তত সংবাদ মাধ্যমৰে হোৱা বার্তালাপত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে কৰা মন্তব্যৰ পৰাই৷ ৰাজ্যিক বিজেপিৰ সভাপতিজনে কয়– আলোচনা সম্পূর্ণ নির্বাচনকেন্দ্রিক আছিল৷ ২০২১ চনৰ বিধানসভা নির্বাচনলৈ বেছি দিন নাই, চাৰে চাৰিটা মাহহে বাকী আছে৷ এই চাৰে চাৰি মাহৰ ভিতৰত আমি আগন্তুক দিনত কি কৰিব লাগিব, সেই সন্দর্ভত ৰাষ্ট্রীয় নেতৃত্বই কিছু পৰামর্শ আগবঢ়াইছে৷ লগতে বর্তমান চৰকাৰ–সংগঠনৰ স্থিতি কেনেধৰণৰ, মিত্রদলৰ স্থিতি কি আছে, সেই বিষয়েও বুজ লৈছে৷ আমিও মনৰ কথা কৈছোঁ৷
বি পি এফৰ এতিয়া স্থিতি কেনেধৰণৰ, বি টি আৰবাসীৰ আশীর্বাদ তেওঁলোকৰ লগত আছে নে নাই, সেই সম্পর্কে আমি জনাইছোঁ৷ মিত্রজোঁট চৰকাৰৰ অন্যতম অংশীদাৰ অগপ সম্পর্কেও আজিৰ বৈঠকত ৰাষ্ট্রীয় সভাপতি নাড্ডা আৰু কেন্দ্রীয় গৃহমন্ত্রী শ্বাহক অৱগত কৰোৱা বুলি তেওঁ জানিবলৈ দিয়ে৷ অগপৰ প্রতি কোনোধৰণৰ অসন্তুষ্টি প্রকাশ নকৰাৰ কথা উল্লেখ কৰি তেওঁ কয়– ইতিমধ্যে নির্বাচিত হৈ অহা অগপ বিধায়কৰ সমষ্টিত বিজেপিয়ে কিমানসংখ্যক পঞ্চায়তত জয়লাভ কৰিছে, আমি সেই সন্দর্ভতো বিতংকৈ জনাইছোঁ৷
অগপৰ যিবোৰ সমষ্টি আছে, তাৰ কিছুমানত হয়তো তেওঁলোক দুর্বল আৰু ক’ৰবাত হয়তো সবল৷ এই সম্পর্কেও আমি বৈঠকত জনাইছোঁ৷ এই বিষয়ত অগপৰ কেন্দ্রীয় সমিতি আৰু আমাৰ ৰাষ্ট্রীয় সমিতিয়ে কথা পাতিব৷ সম্প্রতি সংঘাত তীব্রতৰ হৈ উঠা বি পি এফৰে মিত্রতা ভংগৰ সিদ্ধান্ত লোৱা হৈছে নেকি বুলি সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে কয়– ইয়াৰ চূড়ান্ত সিদ্ধান্ত ঘোষণা কৰিব কেন্দ্রীয় সমিতিয়ে৷ কিন্তু আজি আমি বি পি এফৰ যি পৰিস্থিতি বা বিটিচিবাসীৰ আশীর্বাদ যে তেওঁলোকৰ লগত নাই, সেই সম্পর্কে জনাইছোঁ৷
ফলাফল যেতিয়া ওলাব, তেতিয়া সকলোখিনি কথা আমাৰ ৰাষ্ট্রীয় সমিতিয়ে গম পাব৷ বি পি এফ সন্দর্ভত যিমানখিনি বুজিব লাগে, ৰাষ্ট্রীয় নেতৃত্ব জ্ঞাত হৈছে বা বুজি পাইছে বুলি আমাৰ ধাৰণা হৈছে৷ বিটিচি নির্বাচনত নিশ্চিতভাৱে আমাৰ ফলাফল ভাল হ’ব, এই কথাষাৰো আমি জনাইছোঁ৷ মই যিমানখিনি উমান পাইছোঁ, তেওঁলোকে আমাৰ কথাখিনি গ্রহণ কৰা যেন অনুমান হয়৷ তেওঁ জানিবলৈ দিয়া মতে, বিজেপিৰ ৰাষ্ট্রীয় সভাপতি নাড্ডাই অহা ২৬ আৰু ২৭ নৱেম্বৰত দুদিনীয়া ভ্রমণসূচীৰে অসমত উপস্থিত হ’ব৷
এই সময়ছোৱাত বিজেপিৰ ৰাষ্ট্রীয় সভাপতি নাড্ডাই প্রায় ১১টা কার্যসূচীত অংশগ্রহণ কৰাৰ কথা৷ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে এই সম্পর্কত কয় যে অসম ভ্রমণৰ সময়ত তেওঁ সংগঠনৰ স্থিতি সম্পর্কত বুজ ল’ব৷ তেওঁ নিজেই ভার্চুৱেলী দলৰ বুথ কমিটীৰ সভাপতি–বিভিন্ন কার্যকর্তাৰ উপৰি বিধায়ক, মন্ত্রী, সাংসদ, বিষয়ববীয়া আদিৰ সৈতে বৈঠকত মিলিত হ’ব৷ ইফালে গুৰুত্বপূর্ণ বৈঠকখনত উপস্থিত থকা নেডাৰ আহ্বায়ক তথা বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বি পি এফৰ সাংসদ বিশ্বজিৎ দৈমাৰীৰ বিজেপিত যোগদানত দলৰ ৰাষ্ট্রীয় সভাপতি নাড্ডাই অনুমোদন জনোৱা বুলি জানিবলৈ দিয়ে৷
বি পি এফৰে মিত্রতা ভংগক লৈ কোনোধৰণৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে নেকি বুলি সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰত তেওঁ কয় যে কোকৰাঝাৰৰ বিটিচিত বিজেপিৰ চৰকাৰ হ’ব৷ এইবিলাক কোনো ফাংফুং নাই৷ বিটিচি ট্রায়েল হ’ব৷ যদি বিটিচিতেই বিজেপিৰ চৰকাৰ হয়, ২০২১ত মিত্রতা ক’ত থাকিব? বিটিচিৰ ১২টা বিধানসভা সমষ্টিতেই বিজেপিয়ে প্রতিদ্বন্দ্বিতা কৰিব বুলিও তেওঁ সদৰী কৰে৷ ইয়াৰ বিপৰীতে অগপৰ সৈতে বিজেপিৰ মিত্রতা অব্যাহত থাকিব বুলি স্পষ্ট কৰি দিয়ে বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ বিজেপিৰ ৰাষ্ট্রীয় সভাপতি নাড্ডা আৰু কেন্দ্রীয় গৃহমন্ত্রী শ্বাহক ৰাজ্যখনৰ বর্তমানৰ ৰাজনৈতিক পৰিস্থিতি আৰু ৰাজ্য চৰকাৰে লোৱা বিভিন্ন আঁচনিৰ কথা অৱগত কৰোৱা বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷
এই সন্দর্ভত পুনৰ বৈঠক অনুষ্ঠিত হোৱাৰ কথা উল্লেখ কৰি তেওঁ কয় যে তেওঁলোকে আমাৰ গোটেই কথাখিনি শুনিলে৷ চাৰে চাৰি বছৰীয়া কার্যকালত মিত্রজোঁট চৰকাৰৰ সফলতাৰ বিষয়ে অৱগত কৰিলে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ৰাইজক লাভান্বিত কৰাৰ ক্ষেত্রত যেনেধৰণে সহযোগিতা আগবঢ়ালে, ৰাজ্যখনক ক্ষিপ্রতাৰে আগুৱাই নিয়াৰ ক্ষেত্রত যিখিনি সহযোগিতা আগবঢ়ালে, সেই বিষয়ে অৱগত কৰিলোঁ৷ ২০২১ চনৰ বিধানসভা নির্বাচনক কেন্দ্র কৰি তথা পুনৰ ৰাজ্যৰ ক্ষমতা দখলৰ লক্ষ্যৰে বিজেপিৰ এনেধৰণৰ প্রস্তুতি–তৎপৰতা সাম্প্রতিক ৰাজনৈতিক প্রেক্ষাপটত যথেষ্ট গুৰুত্বপূর্ণ ৰূপে বিবেচিত হৈছে৷