নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত কৃষি বিশ্ববিদ্যালয়ত অৱসৰৰ বয়স উকলি যোৱাৰ পিছতো চাকৰিত বাহাল ২২ বিষয়া

নিয়মীয়া বাৰ্ত, ২১ নৱেম্বৰঃ ৰাজ্য চৰকাৰৰ এক কেবিনেট সিদ্ধান্তৰ সুযোগ লৈ যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ একাংশ ‘সংবিধিবদ্ধ বিষয়া’ই (ষ্টেটুটৰী অফিচাৰ) অৱসৰৰ বয়স উকলি যোৱাৰ পাছতো চাকৰি বাহাল থকাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ চাকৰিৰ অৱসৰৰ নির্দিষ্ট বয়স ৬০ বছৰ অতিক্রম কৰা সত্ত্বেও এইসকল সংবিধিবদ্ধ বিষয়াই নির্দিষ্ট পদত কার্যনির্বাহ কৰি থকাৰ ফলত অপচয় হৈছে ৰাজকোষৰ কোটি কোটি টকা৷

অসম কৃষি বিশ্ববিদ্যালয়ত সংঘটিত এই বিয়াগোম কেলেংকাৰি সন্দর্ভত হিন্দু যুৱ–ছাত্র পৰিষদ, অসমৰ কেন্দ্রীয় সমিতিয়ে দাখিল কৰা অভিযোগৰ ভিত্তিত ৰাজ্যপাল তথা শিক্ষানুষ্ঠানখনৰ আচার্য অধ্যাপক জগদীশ মুখীয়ে ইতিমধ্যে এক প্রতিবেদন দাখিলৰ নির্দেশ দিছে৷ যোৱা ১৮ জুনত ৰাজ্যপালৰ অতিৰিক্ত সচিব স্বপ্ণা দত্ত ডেকাই জিএছএ. ৪২/২০০৩/পার্ট/২৬২ নম্বৰৰ এখন পত্রযোগে অসম কৃষি বিশ্ববিদ্যালয়ৰ ভাৰপ্রাপ্ত উপাচার্যৰ পৰা সমগ্র বিষয়টো সন্দর্ভত প্রতিবেদন বিচাৰে৷

কিন্তু ৰাজ্যপালৰ নির্দেশৰ পাছতো এই বিয়াগোম কেলেংকাৰি গাপ দি ৰখাৰ আন এক অভিযোগ উঠিছে৷ অসম কৃষি বিশ্ববিদ্যালয়ত অৱসৰৰ বয়স উকলি যোৱাৰ পাছতো ২২জন সংবিধিবদ্ধ বিষয়াই নিজ পদতে কার্যনির্বাহ কৰি থকা বুলি দাবী কৰি হিন্দু যুৱ–ছাত্র পৰিষদ, অসমৰ সভাপতি বলেন বৈশ্য আৰু সাধাৰণ সম্পাদক মাধৱ দাসে কয় যে বিশ্ববিদ্যালয় অনুদান আয়োগৰ পৰামর্শমর্মে ২০১২ চনৰ ১৯ ফেব্রুৱাৰীত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকে অসমৰ বিশ্ববিদ্যালয়সমূহ অধ্যাপকসকলৰ অৱসৰৰ বয়স ৬০ বছৰৰ পৰা ৬৫ বছৰলৈ বৃদ্ধি কৰা হয়৷

২০১৩ চনৰ ৬ জুনত জাৰি কৰা এজিএ.৩৬৫/২০০৩/পার্ট/৩৯৭ নম্বৰৰ জাননীখনত অসম কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপকসকলৰ ক্ষেত্রতহে প্রযোজ্য হোৱাকৈ চাকৰিৰ অৱসৰৰ ম্যাদ ৬০ৰ পৰা ৬৫ বছৰ কৰা হয় যদিও শিক্ষানুষ্ঠানখনৰ একাংশ সংবিধিবদ্ধ বিষয়াই ইয়াৰ সুযোগ গ্রহণ কৰি ৬০ বছৰত অৱসৰ লোৱাৰ বিপৰীতে ৬৫ বছৰলৈ চাকৰি কৰি থাকি ৰাজকোষৰ পৰা দৰমহা লৈ আছে৷

হিন্দু যুৱ–ছাত্র পৰিষদ, অসমৰ শীর্ষ নেতা দুজনে উল্লেখ কৰা অনুসৰি অসম কৃষি বিশ্ববিদ্যালয় আইন, ১৯৬৮ৰ ৪নং অধ্যায় আৰু ১৭নং ধাৰাত সংবিধিবদ্ধ বিষয়াসকলৰ তালিকাখন স্পষ্টকৈ দিয়া আছে৷ লগতে সংবিধিবদ্ধ বিষয়াসকল যে কোনো কাৰণতে অধ্যাপক নহয়, সেইটোও স্পষ্ট কৰা আছে৷ এনে প্রেক্ষাপটত অধ্যাপকসকলৰ বাবে নির্দিষ্ট কৰা অৱসৰৰ বয়স সংবিধিবদ্ধ বিষয়াসকলৰ ক্ষেত্রত কোনো কাৰণতে কার্যকৰী হ’ব নোৱাৰে বুলি তেওঁলোকে দাবী কৰে৷

এই প্রসংগতে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে ডব্লিউ পি (এছ) ৩৩৭/২০১৬ নং গোচৰটোৰ বিপৰীতে দিয়া ৰায়ৰ প্রসংগ উল্লেখ কৰি হিন্দু যুৱ–ছাত্র পৰিষদ, অসমৰ নেতাদ্বয়ে কয় যে ঝাৰখণ্ডত বিৰছা কৃষি বিশ্ববিদ্যালয়ৰ আইনে সংবিধিবদ্ধ বিষয়াসকলক ‘বিষয়া’ হিচাপে তালিকাভুক্ত কৰাৰ বাবে অধ্যাপকৰ বাহিৰে অন্যান্য বিষয়াসকলে বর্ধিত অৱসৰৰ ম্যাদৰ সুবিধা ল’ব নোৱাৰিব বুলি ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে স্পষ্ট কৰি দিছে৷

আনকি পশ্চিমবংগ চৰকাৰেও ২০১৯ চনৰ ১৩ ছেপ্ঢেম্বৰত জাৰি কৰা ১৮১০–ইউ এন আই/ইউ–১১/৯৮ৰ জৰিয়তে পশ্চিমবংগ প্রাণী আৰু মৎস্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ সংবিধিবদ্ধ বিষয়াসকলৰ (শৈক্ষিক অনুষদৰ বিজ্ঞান গুৰু) অৱসৰৰ ম্যাদ সংশোধন কৰি ৬০ বছৰলৈ হ্রাস কৰিছে৷ তেনেস্থলত অসম চৰকাৰৰ কেবিনেটে ২০১২ চনতে লোৱা সিদ্ধান্ত আৰু বিশ্ববিদ্যালয় অনুদান আয়োগৰ পৰামর্শৰ বিপৰীতে অসম কৃষি বিশ্ববিদ্যালয়ৰ মোটা অংকৰ দৰমহা পোৱা সংবিধিবদ্ধ বিষয়াসকলে ৬৫ বছৰলৈ নিজৰ খেয়াল–খুচি মতে চাকৰি কৰি ৰাজকোষৰ কোটি কোটি টকাৰ শৰাধ কৰাৰ পাছতো সংশ্লিষ্ট কর্তৃপক্ষৰ নজৰ নপৰাটো আশ্চর্যজনক ৰূপে বিবেচিত হৈছে৷

You might also like