নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিন–দুপৰতে গুলী ফুটুৱাই পঞ্জাব নেচনেল বেংকৰ ৬০ লাখ লুট

নলবাৰীৰ বাঁহজানীত লোমহর্ষক বেংক ডকাইতি

নিয়মীয়া বার্তা, ২১ নৱেম্বৰঃ নলবাৰী জিলাৰ বাঁহজানীৰ যজ্ঞভূমি চ’কস্থিত পঞ্জাব নেচনেল বেংকৰ অময়াপুৰ যজ্ঞধাম শাখাত কালি দিন–দুপৰতে সংঘটিত এটা লোমহর্ষক বেংক ডকাইতিৰ ঘটনাই সর্বত্র চাঞ্চল্য সৃষ্টি কৰিছে৷ হিন্দী বোলছবিৰ কায়দাৰে ৮ জনীয়া ডকাইতৰ দলটোৱে ভিতৰত থকা লকাৰ ভাঙি, কম্পিউটাৰৰ সামগ্রী ভাঙি বেংকৰ বিষয়া–কর্মচাৰীক আতংকিত কৰি ধন লুট কৰি লৈ যায়৷

তদুপৰি দলটোৱে শূন্যলৈ গুলীচালনা কৰে৷ কেইবাগৰাকীও বেংক গ্রাহক তথা প্রত্যক্ষদর্শীয়ে জনোৱা মতে, তেওঁলোকক ওলাই যাবলৈ কোৱাৰ লগতে ভিতৰলৈও অহাত আন গ্রাহকক বাধা দিয়ে৷ স্থানীয় ৰাইজে সংবাদ মাধ্যমক কয় যে বেংকৰ ভিতৰৰ পৰা ব্লেংক ফায়াৰিং কৰাৰ লগতে ডকাইতৰ দলটোৱে ৰাস্তাত গুলী ফুটাই হাজো–নলবাৰী পথেৰে গুৱাহাটী অভিমুখে পলায়ন কৰে৷ ঘটনাটোত সমগ্র যজ্ঞভূমি চ’কটোৰ ব্যৱসায়ীসকল ভয়ত কম্পমান হৈ পৰে৷

ইফালে বেংক কর্তৃপক্ষই সংবাদ মাধ্যমক জনোৱা মতে, লুট কৰা ধনৰ পৰিমাণ ৬০ লাখ টকাৰো অধিক হ’ব যদিও সম্পূর্ণ হিচাপ কৰাৰ পাছতহে সঠিক পৰিমাণ ক’ব পৰা যাব৷ ঘটনাস্থলীত নলবাৰী আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে৷ জিলা আৰক্ষী অধীক্ষক অমনজিৎ কৌৰ, অতিৰিক্ত আৰক্ষী অধীক্ষক আছিক আহমেদ, নলবাৰী থানাৰ অ’ চি তপন কলিতাই সংবাদ মাধ্যমক জনোৱা মতে, আৰক্ষী এই বেংক ডকাইতিৰ ঘটনা গুৰুত্ব সহকাৰে লৈছে আৰু শীঘ্রে অভিযুক্তক আটক কৰিবলৈ সক্ষম হ’ব৷

আনহাতে, সংবাদ মাধ্যমক ৰাইজে নলবাৰী আৰক্ষীৰ প্রশাসনিক ব্যর্থতাৰ বাবেই এনেদৰে বেংক ডকাইতিয়েই নহয়, বিভিন্ন অসামাজিক কাম–কাজ জিলাখনত চলি থকা বুলি অভিযোগ কৰে৷ উল্লেখ্য যে ডকাইতৰ দলটোৱে ব্লেংক ফায়াৰিং কৰাৰ ফলত ঘটনা প্রত্যক্ষ কৰিবলৈ যোৱা বাঁহজানীৰ এলেংগীদল নিৱাসী বিবাহিত যুৱক নয়ন দাসৰ ভৰিত গুলী লাগি গুৰুতৰভাৱে আহত হয়৷ তেওঁক লগে লগে নলবাৰী অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও স্বাস্থ্যৰ অৱনতি ঘটাত জি এম চি এইচলৈ প্রেৰণ কৰা হয়৷

You might also like