নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘ৰণলিয়া’ৰ বিয়াৰ নিমন্ত্ৰণ নাপালে বচ্চন পৰিয়ালে, বাদ পৰিল ভাঞ্চালীও

বিশেষ বাৰ্তা, ১৮ এপ্ৰিলঃ বলীউডৰ সবাতোকৈ চর্চিত জুটিৰ বিয়া। তাত অনুপস্থিত খোদ বলীউডৰ ‘সম্ৰাট’। ৰণবীৰ কাপুৰ-আলিয়া ভাট্টৰ বিয়াত আমন্ত্রণ নাপালে বিগ বি অমিতাভ বচ্চনে। এই কথা শুনি সকলোৱে আচৰিত। কেৱল অমিতাভে নহয় বিয়াৰ কোনো অনুষ্ঠানতে দেখা নগ’ল যশস্বী পৰিচালক সঞ্জয় লীলা ভাঞ্চালীকো। যোৱা ১৪ এপ্রিলত পৰিয়ালৰ সদস্যৰ মাজতেই অগ্নিক সাক্ষী কৰি চিৰদিনৰ লগৰী হ’ল ‘ৰণলিয়া’। আত্মীয়-স্বজন আৰু বলীউডৰ ঘনিষ্ঠ বন্ধু-বান্ধৱ মিলি অতিথিৰ সংখ্যা এশৰ বেছি নহয়। তাৰ মাজতে কেইজনমানৰ অনুপস্থিতি সকলোৰে চকুত পৰিছে। সেই সকলৰ মাজত বিগ বি আৰু তেওঁৰ পৰিয়াল বা ভাঞ্চালী আদি অন্যতম। অৱশ্যে বিয়াত গৈছিল অমিতাভৰ কন্যা শ্বেতা বচ্চন নন্দা আৰু তেওঁৰ দুই সন্তান। বিবাহ সূত্রে শ্বেতা ৰণবীৰৰ আত্মীয়। আনপিনে, ৰণবীৰৰ প্রথম ছবি ‘ছাৱৰিয়া’ৰ প্রযোজক-পৰিচালক আছিল সঞ্জয়লীলা ভাঞ্চালী। আলিয়াৰ শেহতীয়া তথা বহুপ্রশংসিত ছবি ‘গংগুবাঈ কাঠিয়াৱড়ি’ৰ পৰিচালনাও তেওঁৰ।

You might also like