নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুনৰ বাঢ়িল আমূল গাখীৰৰ দাম

 নিয়মীয়া বাৰ্তা, ৪ ফেব্ৰুৱাৰীঃ  কেন্দ্রীয় চৰকাৰে ২০২৩–২৪ বর্ষৰ বাবে বাজেট দাখিল কৰাৰ পাছতে সাধাৰণ ৰাইজৰ মূৰত মাধমাৰ শোধাই আগশাৰীৰ প্রতিষ্ঠান আমূলে পুনৰ গাখীৰৰ দাম বৃদ্ধি কৰিছে৷ প্রতিষ্ঠানটোৱে ইয়াৰ গাখীৰৰ প্রতি লিটাৰত ৩ টকাকৈ বৃদ্ধি কৰিছে৷ ২ ফেব্রুৱাৰীৰ মাজনিশাৰ পৰা কার্যকৰী হোৱাকৈ গাখীৰৰ দাম বৃদ্ধি কৰা হৈছে৷ প্রতিষ্ঠানটোৱে প্রকাশ কৰা অনুসৰি এতিয়াৰে পৰা আমূল তাজা গাখীৰৰ আধা লিটাৰৰ মূল্য হ’ব ২৭ টকা৷ ইয়াৰ এক লিটাৰ পেকেটৰ মূল্য হ’ব ৫৪ টকা৷ আমূল গ’ল্ড গাখীৰৰ প্রতি আধা লিটাৰৰ নতুন মূল্য হ’ব ৩৩ টকা৷ অর্থাৎ প্রতি লিটাৰ আমূল গ’ল্ডৰ দাম হ’ব ৬৬ টকা৷ সেইদৰে আমূলৰ গৰুৰ গাখীৰৰ মূল্যও প্রতি লিটাৰ এতিয়া পৰা গ্রাহকে ৫৬ টকাত ক্রয় কৰিব লাগিব৷ আনহাতে আমূলৰ এ–২ ম’হৰ গাখীৰৰ প্রতি লিটাৰৰ মূল্য তিনি টকা বৃদ্ধি পোৱাৰ পিছত ৭০ টকাত গ্রাহকে ক্রয় কৰিব লাগিব৷ ইয়াৰ লগে লগে বিগত এটা বছৰৰ ভিতৰত আমূলে গাখীৰৰ মূল্য প্রতি লিটাৰৰ বিপৰীতে বৃদ্ধি কৰা পৰিমাণ হৈছে ৮ টকা৷ বিভিন্ন অত্যাৱশ্যকীয় সামগ্রীৰ লগতে গাখীৰৰ মূল্যবৃদ্ধিয়ে স্বাভাৱিকতে প্রতিটো পৰিয়ালকো প্রভাৱান্বিত কৰাটো নিশ্চিত হৈ পৰিছে৷ কিয়নো পুৱাই প্রতিটো পৰিয়ালক প্রয়োজন হোৱা সামগ্রীসমূহৰ অন্যতম হৈছে গাখীৰ৷ বিশেষকৈ সৰু ল’ৰা–ছোৱালীৰ শৰীৰৰ বিকাশৰ বাবে গাখীৰৰ ব্যৱহাৰ অত্যন্ত প্রয়োজনীয়৷ এনে সময়তে গাখীৰৰ মূল্যবৃদ্ধিয়ে আর্থিকভাৱে দুর্বল পৰিয়ালসমূহক ক্ষতিগ্রস্ত কৰাটো স্বাভাৱিক৷ আমূল গাখীৰৰ মূল্যবৃদ্ধিৰ লগে লগে বিভিন্ন দুগ্ধজাত সামগ্রী, যেনে–চীজ, ক্রীম, পনিৰ, দৈ, মিঠাই আদিৰ দামো বৃদ্ধি পোৱা সম্ভাৱনা আছে৷

You might also like