আত্মহত্যাৰ পূৰ্বে সুশান্তক অৰ্জুন বিজলানিয়ে প্ৰেৰণ কৰিছিল এইটো মেছেজ…
নিয়মীয়া বাৰ্তা, ১৮ জুনঃ সুশান্ত সিং ৰাজপুতে ১৪ জুনৰ পুৱা নিজ বাসগৃহতে আত্মহত্যা কৰিছিল । অভিনেতাজনৰ মৃত্যুৰ পাছত এতিয়াও বলীউড জগতত চৰ্চা অব্যাহত আছে ।
অভিনেতা সুশান্তে টেলিভিচনৰ ধাৰাবাহিকৰ জৰিয়তে কেৰিয়াৰ আৰম্ভণি কৰিছিল । তেনেকৈয়ে অৰ্জুন বিজলানীৰ সৈতে বন্ধুত্বৰ সম্পৰ্ক গঢ়ি উঠিছিল । অৰ্জুনে সুশান্তৰ মৃত্যুৰ পাছতে এক আবেগিক প’ষ্ট চেয়াৰ কৰিছে । লগতে সুশান্তৰ আত্মহত্যাৰ পূৰ্বে হোৱাটছএপত দিয়া এটা মেছেজ তেওঁ প’ষ্ট কৰিছে ।
উল্লেখ্য যে বন্ধু অৰ্জুনে সুশান্তৰ অন্তৰত থকা হাতাশাক ধৰিব পাৰিছিল । তেওঁ সেই মেছেজটোত লিখিছিল- ‘তোমাৰ সৈতে সকলো থিক হওক ।’
ইপিনে আত্মহত্যাৰ ঘটনাৰ পাছতে এক খবৰে সকলোকে আচৰিত কৰি তুলিছে । খবৰ অনুসৰি, বলীউডত সুশান্তক ৬ ৰ পৰা ৭ খন ছবিৰ পৰা আতৰাই ৰখা হৈছিল । লগতে বলীউডত সুশান্তক বহিৰাগত বুলি ধৰা হৈছিল । যাৰ বাবে সুশান্ত খুবেই দুখী আছিল ।