নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আর্মেনিয়াৰ গণহত্যাত জড়িত তুৰস্ক চৰকাৰ

প্রধানমন্ত্রী পাশ্বিনিয়ানৰ অভিযোগ

নিয়মীয়া বাৰ্তা ৮ অক্টোবৰঃ   বিবদমান নাগার্ন’–কাৰাবাখ অঞ্চলক লৈ বিগত প্রায় দুটা সপ্তাহ ধৰি চলি থকা আর্মেনিয়া আৰু আজেৰবাইজানৰ যুদ্ধত আজেৰবাইজানক বিভিন্ন ধৰণে সহযোগিতা আগবঢ়াইছে তুৰস্কই৷ শেহতীয়াকৈ আর্মেনিয়াই এই অভিযোগ আনিছে৷ আর্মেনিয়াৰ প্রধানমন্ত্রী নিক’ল পাশ্বিনিয়ানে শেহতীয়াকৈ সংবাদ সংস্থা বিবিচিৰ আগত উল্লেখ কৰিছে যে নাগার্ন’–কাৰাবাখ অঞ্চলত গণহত্যাৰ পোষকতা কৰিছে তুৰস্ক চৰকাৰে৷ আজেৰবাইজান আৰু তুৰস্কৰ বাহিনীয়ে নাগার্ন’–কাৰাবাখ অঞ্চলত সন্ত্রাসবাদীৰ দৰে আক্রমণ চলোৱা বুলি অভিযোগ কৰিছে প্রধানমন্ত্রীগৰাকীয়্৷ স্মর্তব্য যে ১৯১৫ৰ পৰা ১৯২৩লৈ আর্মেনিয়াত অট’মান সাম্রাজ্যৰ আগ্রাসনত ডেৰ নিযুত লোক নিহত হৈছিল৷ এতিয়াও এই প্রসংগৰে আর্মেনিয়াত গণহত্যা চলা বুলি ৰাজনীতিকসকলে মন্তব্য কৰে৷

You might also like