অৰুণাচলৰ বুম লা পাছত তিনিখন গাঁও নির্মাণ ৰঙা চীনৰ
ভাৰত সীমান্তত আন এক ভয়ংকৰ আগ্রাসন বেইজিঙৰ
নিয়মীয়া বাৰ্তা ৭ ডিচেম্বৰঃ দখলদাৰী চীনৰ আন এক ভাৰতবিৰোধী কার্যকলাপ পোহৰলৈ আহিছে৷ অৰুণাচল প্রদেশক নিজৰ বুলি দাবী কৰি থকা চুবুৰীয়া ৰাষ্ট্র চীনে ভাৰতীয় ভূখণ্ডৰ প্রতি ভাবুকি কঢ়িয়াই অৰুণাচল সীমান্তত নির্মাণ কৰিছে অতি কমেও তিনিখন গাঁও৷ হিমালয়ৰ পাদদেশৰ অৰুণাচল প্রদেশৰ বুম লা পাছৰ পৰা মাত্র ৫ কিলোমিটাৰ নিলগত চীনে নির্মাণ কৰিছে তিনিখন গাঁও৷ গাঁৱত নির্মাণ কৰিছে বাসগৃহ৷ যি বাসগৃহত আছে খোৱাপানী, বিদ্যুৎ আৰু ইণ্টাৰনেট সেৱা৷ এই গাঁওকেইখনত চীনে তিনি সহস্রাধিক লোকক সংস্থাপন কৰাৰ যো–জা চলাইছে৷ লাডাখ সীমান্তত ভাৰতীয় ভূমি দখলৰ কু–ভিসন্ধি চলাই থকা চীনা সেনাই যোৱা জুন মাহত ভাৰতীয় সেনাৰ ওপৰত আক্রমণ চলাইছিল৷ লাডাখ সীমান্তৰ গুৰুত্বপূর্ণ অঞ্চল নিজৰ দখললৈ অনাৰ বাবেই চীনা সেনাই ভাৰতীয় সেনাৰ ওপৰত আক্রমণ চলোৱাৰ পাছত উক্ত অঞ্চলত এতিয়াও অব্যাহত আছে উত্তেজনা৷ কৃত্রিম উপগ্রহৰ দ্বাৰা সংগৃহীত উচ্চ পর্যায়ৰ আলোকচিত্রত অৰুণাচলৰ সীমান্তত অতিকমেও তিনিখন গাঁও নির্মাণ কৰাৰ তথ্য স্পষ্ট হৈ পৰিছে৷ লাডাখৰ সমান্তৰালকৈ উত্তৰ–পূবৰ অৰুণাচললৈকে চীনে সীমান্ত অতিক্রমি ভাৰতীয় ভূখণ্ড দখল কৰাৰ গোপন অভিসন্ধি অৰুণাচলৰ সীমান্তত নির্মাণ কৰা গাঁৱে প্রমাণ কৰিছে৷
উল্লেখ্য যে ২০১৭ চনৰ ছিকিমৰ ডোকলামত দখলদাৰী চীনা সেনাৰ লগত ভাৰতীয় সেনাৰ সংঘাতৰ সময়ত ভূটানৰ ভৌগোলিক খণ্ডত গাঁও নির্মাণ কৰাৰ তথ্য পোহৰলৈ অহাৰ পাছত এইবাৰ অৰুণাচলৰ সীমান্তত গাঁও নির্মাণ কৰাটো নিশ্চিত হৈছে৷ সীমান্তৰ সমীপত গাঁও নির্মাণ কৰি তাত চীনৰ নাগৰিকক সংস্থাপন দি পাছলৈ ইয়াৰ জৰিয়তে ভাৰতীয় ভূখণ্ডত আগ্রাসনৰ লক্ষ্য লৈছে ৰঙা চীনে৷ চীনৰ কার্যকলাপ নিৰীক্ষক ডাঃ ব্রহ্ম ছেলানিয়ে প্রকাশ কৰা মতে বেইজিঙে হান চাইনীজ আৰু তিব্বতৰ কমিউনিষ্ট পার্টীৰ সদস্যক সীমান্তত নির্মাণ কৰা গাঁৱত সংস্থাপন দি তেওঁলোকৰ স্থিতি সীমান্তত শক্তিশালী কৰিব আৰু পাছলৈ ইয়াৰ জৰিয়তে অৰুণাচলত আগ্রাসন চলাব আৰু বিগত দশক দশক ধৰি নিজৰ বুলি দাবী কৰি অহা ভাৰতৰ প্রদেশখনক দখল কৰিব৷ কৃত্রিম উপগ্রহৰ আলোকচিত্রৰ আধাৰত লাভ কৰা তথ্য অনুসৰি অৰুণাচলৰ সীমান্তত চীনে ২০২০ চনৰ ১৭ ফেব্রুৱাৰীত গাঁও নির্মাণ কৰিছে৷ এই গাঁওখনত ২০তকৈ অধিক আন্তঃগাঁথনি নির্মাণ কৰা হৈছে৷ ২০২০ চনৰ ২৮ নৱেম্বৰত লাভ কৰা আন এখন আলোকচিত্র মতে অতিকমেও তিনিখন গাঁও তাত নির্মাণ কৰা হৈছে আৰু ৫০তকৈ অধিক আন্তঃগাঁথনি নির্মাণ হৈছে৷ এই তিনিখন গাঁৱৰ দূৰত্ব ইখন গাঁৱৰ পৰা সিখন গাঁৱলৈ এক কিলোমিটাৰ৷ সকলো বতৰতে সুচল যাতায়াতৰ বাবে নির্মাণ কৰা হৈছে পথ৷ উল্লেখ্য যে চীন আৰু ভাৰতৰ সীমা বিবাদ দশক দশক ধৰি চলি আছে, যাক লৈ চীনে ভাৰতীয় ভূমি দখল কৰাৰ গোপন পৰিকল্পনা অব্যাহত ৰাখিছে৷