নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাংলাদেশীৰ বৃক্ক সংৰোপণ চক্র উৎখাত

🔹 অংগ ব্যৱসায়ত চিকিৎসকসহ ৭জনক গ্রেপ্তাৰ 

বিশেষ বাৰ্তা, ১০ জুলাই : দেশৰ ৰাজধানী নতুন দিল্লীত বাংলাদেশীৰ অবৈধ বৃক্ক সংৰোপণ চক্র উৎখাত কৰিছে দিল্লী আৰক্ষীৰ অপৰাধ শাখাই৷ এই অবৈধ বৃক্ক সংৰোপণ চক্রটোৰ সৈতে জড়িত এজন চিকিৎসকসহ ৭জনক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ তথ্য মতে, বাংলাদেশৰ পৰা লোক আহি নতুন দিল্লীত এজন প্রখ্যাত চিকিৎসকৰ তত্ত্বাৱধানত বৃক্ক সংৰোপণ কৰি আহিছে৷ বৃক্ক দাতা আৰু বৃক্ক গ্রহণ কৰোঁতাও বাংলাদেশৰে৷ বৃক্ক প্রদান কৰাৰ বাবে প্রতিজন বৃক্কৰ দাতাই ২৫–৩০ লাখ টকা লাভ কৰে৷ দিল্লী আৰক্ষীৰ মতে, ২০১৯ চনৰ পৰাই বাংলাদেশৰ পৰা লোক আহি এই বৃক্ক সংৰোপণ চক্রটো চলাই আছে৷ ভুৱা তথ্য–পাতিৰে বাংলাদেশৰ পৰা নতুন দিল্লীলৈ আহি চিকিৎসকৰ দ্বাৰা বৃক্ক সংৰোপণ কৰি আহিছে৷ দক্ষিণ–পূব দিল্লীৰ প্রখ্যাত চিকিৎসালয় এখনত মহিলা চিকিৎসক এগৰাকীয়ে অবৈধভাৱে এই বৃক্ক সংৰোপণ প্রক্রিয়া চলাই আছে৷ ২০২১ চনৰ পৰা ২০২৩ চনলৈকে কেইবাজনো বাংলাদেশী লোকৰ বৃক্ক সংৰোপণত জড়িত মহিলা চিকিৎসকগৰাকীয়ে নয়দাস্থিত ব্যক্তিগত চিকিৎসালয় এখনত এই অস্ত্রোপচাৰ সম্পাদন কৰে৷ মহিলা চিকিৎসকগৰাকীৰ লগতে সহযোগী আৰু আন চাৰিজনক আৰক্ষীয়ে গ্রেপ্তাৰ কৰে৷ ইয়াৰে তিনিজন বাংলাদেশী নাগৰিক৷ বাংলাদেশীৰ বৃক্ক সংৰোপণ চক্র ৰাজধানী দিল্লীতেই উৎখাত হোৱা বিষয়টো ব্যাপক চর্চিত হৈছে৷

You might also like