নিয়মীয়া বাৰ্তা, ২৩ ডিচেম্বৰ: উত্তৰ প্ৰদেশৰ বাৰেলীৰ পৰা এটা অতি আশ্চৰ্যজনক ঘটনা পোহৰলৈ আহিছে, য’ত এজন যুৱকক এটা সৰু বিষয়ত চলন্ত বাছৰ পৰা ঠেলি দিয়া হৈছিল। যুৱকজনৰ এটাই ভুল আছিল যে তেওঁ বাছত চিগাৰেট সেৱন কৰিছিল। কিন্তু চিগাৰেট নুমুৱাবলৈ বা পেলাই দিবলে কোৱাৰ পৰিৱৰ্তে কণ্ডাক্টৰজনে নিজেই তেওঁক শাস্তি দি চলন্ত বাছখনৰ পৰা ঠেলি দিয়ে, যাৰ ফলত এই যুৱকজন আঘাতপ্ৰাপ্ত হয়।
খবৰ অনুসৰি ভুক্তভোগী যুৱকজনৰ নাম ধৰ্মপালে। বৃহস্পতিবাৰে পুৱা ঘৰৰ পৰা ওলাই আহিছিল ধৰ্মপালে কাৰ্যালয়লৈ। তেওঁৰ অফিচ ৰুদ্ৰপুৰত যাৰ বাবে তেওঁ বাছত উঠিছিল। বাছখনত উঠিয়ে ধূমপান কৰিব লয় তেওঁ। এই কথাতে বাছখনৰ কণ্ডাক্টৰৰ খং উঠিল আৰু চলন্ত বাছৰ পৰা তললৈ ঠেলা মাৰি দিয়ে। বাছৰ পৰা পৰি ধৰ্মপাল আঘাতপ্ৰাপ্ত হৈছে।
এই ঘটনাৰ পিছত ধৰ্মপালে ভায়েকক ফোন কৰি সমগ্ৰ ঘটনাৰ বিষয়ে অৱগত কৰে। সমগ্ৰ বিষয়টোৰ ওপৰত আত্মীয়ই স্থানীয় থানাত এজাহাৰ দাখিল কৰিছে। বৰ্তমান জিলা চিকিৎসালয়ত ভৰ্তি হৈ চিকিৎসাধীন হৈ আছে ধৰ্মপাল।