নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহাৰত ‘পাকিস্তান জিন্দাবাদ’ৰ ধ্বনি? ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে ৫ যুৱকক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ২৪ ডিচেম্বৰ: বিহাৰৰ একাংশ যুৱকে ‘পাকিস্তান জিন্দাবাদ’ৰ শ্ল’গান দিয়াৰ অভিযোগ উত্থাপন হৈছে৷ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতে এক গোচৰৰ ভিত্তিত ৫জন অভিযুক্তক জিম্মাত লোৱা হৈছে। ঘটনাটো বিহাৰৰ আৰাহ জিলাৰ। ইয়াত ভোজপুৰৰ চণ্ডী গাঁৱত একাংশ যুৱকে বেডমিণ্টন খেলি বিজয় উদযাপন কৰে। য’ত তেওঁলোকে মুকলিকৈ দেশ বিৰোধী শ্লোগান দিছিল।

ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’টোত লোকসকলে মাৰ্চ কৰা দেখা গৈছে আৰু পাকিস্তান সমৰ্থক শ্লোগান দিয়া শুনা গৈছে।

ভোজপুৰৰ চণ্ডী থানা এলেকাৰ আৰক্ষীৰ পৰা পোৱা তথ্য অনুসৰি বুধবাৰে নিশা ইয়াত নৰবীৰপুৰ গাঁৱৰ ফালে বেডমিণ্টনৰ ফাইনেল খেল অনুষ্ঠিত হয়। মেচখনত জয়ী হোৱা দলটো, ইয়াৰ খেলুৱৈ আৰু সমৰ্থকসকলে উদযাপন কৰিবলৈ গোট খাইছিল। সেই সময়তে এই শ্লোগান দিয়া বুলি কোৱা হৈছে। বিজয়ী খেলুৱৈসকলে হাতত ট্ৰফী লৈ পাকিস্তান সমৰ্থক শ্লোগান দিয়াৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীৰ মতে, এই বিষয়ত তদন্ত অব্যাহত আছে আৰু জিম্মাত লোৱা যুৱককেইজনক জেৰা অব্যাহত ৰাখিছে।

You might also like