নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহাৰত জালিয়াতিৰে ক’ৰোনা মৃতকৰ সংখ্যা হ্রাস

পাটনা হাইক’টৰ নির্দেশত পুনৰ গণনাত উন্মোচিত ভয়ংকৰ কাণ্ড

নিয়মীয়া বাৰ্তা, ১১ জুনঃ দেশজুৰি কালান্তক ক’ৰোনাত মৃতকৰ তথ্যত জালিয়াতি৷ ব্যাপক চর্চিত অভিযোগটো অৱশেষত সত্যত পৰিণত হ’ল৷ বিহাৰত জালিয়াতিৰে ক’ৰোনা মৃতকৰ সংখ্যা হ্রাস কৰাটো পুনৰ গণনাত পোহৰলৈ আহিল৷ পাটনা উচ্চ ন্যায়ালয়ৰ নির্দেশত ৰাজ্যখনে মৃতকৰ সংখ্যা সংশোধিত কৰি ৭২ শতাংশ বৃদ্ধিৰে নতুন তথ্য প্রকাশ কৰাত মৃতকৰ তথ্য জালিয়াতিৰ ৰহস্য ফাদিল হ’ল৷ বিহাৰৰ স্বাস্থ্য বিভাগে কালান্তক ক’ভিড–১৯ত মৃতকৰ সংখ্যা সংশোধিত কৰি নতুন তথ্য প্রকাশ কৰাৰ পাছত ৰাজ্যখনত মৃতকৰ সংখ্যা ৫,৫০০ৰ পৰা ৯,৪২৯লৈ বৃদ্ধি পালে৷ ২৪ ঘণ্টাত বিহাৰৰ মৃতকৰ সংখ্যা ৩,৯৫১জনৰ তথ্য সংযোগ হোৱাত দেশজুৰি বর্ধিত হ’ল মৃতকৰ সংখ্যা৷

দেশত প্রথমবাৰৰ বাবে ৬ সহস্রাধিক লোক ক’ৰোনাত মৃত্যুৰে এদিনত অভিলেখ গঢ়িলে৷ অর্থাৎ যোৱা ২৪ ঘণ্টাত দেশত মৃত্যু ঘটিছে ৬,১৪৮জনৰ৷ মহামাৰী ক’ভিড–১৯ আৰম্ভৰে পৰা আজিলৈকে এদিনত সর্বাধিক এই মৃতকৰ সংখ্যা৷ মন কৰিবলগীয়া যে বিহাৰ চৰকাৰে ৰাজ্যখনত ক’ভিড–১৯ত মৃতকৰ সংখ্যা গোপন কৰি থকা বুলি উঠা অভিযোগক লৈ উদ্বিগ্ন পাটনা উচ্চ ন্যায়ালয়ে হস্তক্ষেপ কৰে৷

পাটনা উচ্চ ন্যায়ালয়ে ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰৰ সময়ত বিশেষকৈ এপ্রিল–মে’ মাহত ঘাতক ভাইৰাছটোত প্রাণ হেৰুওৱা লোকৰ সংখ্যা পুনৰ গণনাৰ নির্দেশ দিয়ে৷ ইয়াৰ পাছতেই ৰাজ্যখনৰ স্বাস্থ্য বিভাগে ৩৮খন জিলাৰ মৃতকৰ সংখ্যাৰ সংশোধনী ঘটায়৷ স্বাস্থ্য বিভাগে যোৱা ৭ জুনলৈকে ৰাজ্যখনত ৫,৪২৪জন লোকৰ ক’ভিডত মৃত্যু ঘটা বুলি তথ্য প্রকাশ কৰিছিল৷ ন্যায়ালয়ৰ নির্দেশত এই সংখ্যাৰ সংশোধনী ঘটাই ৩,৯৫১জনৰ মৃত্যু নতুনকৈ সন্নিৱিষ্ট কৰি ৯,৪২৯জনৰ মৃত্যু হোৱা বুলি তথ্য প্রকাশ কৰে৷ এই সংশোধিত মৃতকৰ সংখ্যা ৭২ শতাংশ বৃদ্ধি হৈছে৷

স্বাস্থ্য বিভাগে প্রকাশ কৰা মতে, ক’ভিড–১৯ৰ জটিলতাত ভোগা আৰু হাস্পতাললৈ অনাৰ পথত মৃত্যু ঘটা ক’ভিড–১৯ আক্রান্ত ৰোগীৰ তথ্যও সন্নিৱিষ্ট কৰা হৈছে৷ সংশোধিত মৃতকৰ তথ্যত পাটনাত ১,০৭০জন, বেগুচৰাইত ৩১৬, মুজাফফৰপুৰত ৩৯৪, পূব চম্পাৰণত ৩৯১জন আৰু মুখ্যমন্ত্রী নীতিশ কুমাৰৰ জিলা নালন্দাত ২২২জন সংযুক্ত হৈছে৷ ন্যায়ালয়ৰ নির্দেশত মৃতকৰ সংশোধিত তথ্য প্রকাশ কৰাৰ পাছত বিহাৰৰ মৃতকৰ তালিকাত পাঁচটা স্থান আগুৱাই সর্বাধিক মৃত্যু ঘটা ৰাজ্যৰ দ্বাদশ স্থানত উপনীত হৈছে৷

উদ্বেগজনক যে পাটনা উচ্চ ন্যায়ালয়ৰ নির্দেশত বিহাৰত মৃতকৰ সংখ্যাৰ তথ্যৰ জালিয়াতি পোহৰলৈ আহিছে যদিও দেশৰ আন আন ৰাজ্যত ক’ভিডত মৃতকৰ সংখ্যা গোপন কৰাৰ অভিযোগ আছে৷ মহাৰাষ্ট্র, দিল্লী, গুজৰাট, উত্তৰ প্রদেশ, হাৰিয়ানা, কর্ণাটক আদিকে ধৰি বিভিন্ন ৰাজ্যত ক’ৰোনাত মৃতকৰ সংখ্যাৰ তথ্য জালিয়াতিৰ অভিযোগ আছে৷ ৰাজ্যকেইখনৰ শ্মশানত মৃতদেহ জ্বলাবলৈ স্থানৰ অভাৱ, নদীৰে মৃতদেহ উটি অহা আদি কার্যই ক’ভিডত মৃতকৰ সংখ্যাৰ জালিয়াতিৰ সন্দেহ চর্চিত হৈ আছে৷

You might also like