নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বতৰৰ পৰিৱর্তনৰ মাজতে ক’ৰোনাই উৎপাদনত পেলাইছে বিৰূপ প্রভাৱঃ ২৬ জিলাৰ ৭৮১ বাগিচাত পজিটিভ ১০,১১৫

দুর্ঘোৰ সংকটৰ কবলত অসমৰ চাহ উদ্যোগ

নিয়মীয়া বাৰ্তা, ১১ জুনঃ দুর্ঘোৰ সংকটৰ কবলত পৰিছে অসমৰ চাহ উদ্যোগ৷ বতৰৰ অস্বাভাৱিক পৰিৱর্তন, বিশেষকৈ উষ্ণতা আৰু বৰষুণৰ সঘন হ্রাস–বৃদ্ধিৰ ফলত উৎপাদনক লৈ গভীৰ আশংকাৰ সৃষ্টি হোৱাৰ মাজতে মাৰাত্মক ক’ৰোনা ভাইৰাছে ৰাজ্যৰ সবাতোকৈ লাভজনক উদ্যোগটোৰ সন্মুখত এক বিৰাট প্রত্যাহ্বান ৰূপে থিয় দিছে৷

অসমৰ চাহ বাগিচাই বাগিচাই ব্যাপক হাৰত সংক্রমণ হৈছে ক’ৰোনা ভাইৰাছৰ৷ পৰিণতিত চাহ উৎপাদনত ব্যাঘাত জন্মিছে৷ স্বাস্থ্য বিভাগৰ এক তথ্য অনুসৰি যোৱা ৬ জুন পর্যন্ত ২৬খন জিলাৰ মুঠ ৭৮১খন চাহ বাগিচাত ১০,১১৫জন লোক ক’ৰোনা পজিটিভ ৰূপে চিনাক্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছিল ৬৯জনৰ৷ মাৰাত্মক ভাইৰাছত সংক্রমণ প্রতিৰোধকল্পে প্রশাসন তথা সংশ্লিষ্ট কর্তৃপক্ষই বহুকেইখন চাহ বাগিচা এলেকাত কনটেইনমেণ্ট জ’ন ঘোষণা কৰিছে৷ সামগ্রিকভাৱে এনে কনটেইনমেণ্ট জ’নৰ সংখ্যা হৈছে ৪৮২টা৷

কনটেইনমেণ্ট জ’ন ঘোষণা কৰাৰ ফলত স্বাভাৱিকতে সেই এলেকাত থকা চাহ শ্রমিক–কর্মচাৰীসকলক পাত তোলাকে ধৰি উৎপাদন কার্যত নিয়োজিত হ’ব পৰা নাই৷ পৰিণতিত সংশ্লিষ্ট চাহ বাগিচাসমূহৰ উৎপাদনত যথেষ্ট বিৰূপ প্রভাৱ পৰিছে৷

স্বাস্থ্য বিভাগৰ এই সম্পর্কীয় বিশদ তথ্য অনুসৰি ডিব্রুগড় জিলাৰ ১৪৬খন চাহ বাগিচা এলেকাত সর্বাধিক ২,৩৮৮জন লোক ক’ৰোনা ভাইৰাছত আক্রান্ত হৈছে৷ জিলাখনৰ চাহ বাগিচা এলেকাত মৃত্যু হোৱা লোকৰ সংখ্যা ১৮জন৷ সেইদৰে তিনিচুকীয়া জিলাৰ ১২১খন চাহ বাগিচাত পজিটিভ ৰোগীৰ সংখ্যা ১,৩৩৮ হোৱাৰ বিপৰীতে ১৭জনৰ প্রাণহানি হৈছে৷ গোলাঘাট জিলাৰ ৭৯খন চাহ বাগিচাত ১,০৬৭জনৰ দেহত পোৱা গৈছে মাৰাত্মক ভাইৰাছ৷ জিলাখনৰ চাহ বাগিচা এলেকাত মৃত্যু হোৱা ক’ৰোনা ৰোগীৰ সংখ্যা ৬জন৷

তদুপৰি বিশ্বনাথৰ ২৪খন চাহ বাগিচাত ৪৯৪জন, কাছাৰৰ ৫৯খন চাহ বাগিচাত ৩৫১জন, চৰাইদেউৰ ৫৯খন চাহ বাগিচাত ৩৭৬জন, হাইলাকান্দিৰ ১৯খন চাহ বাগিচাত ২৭৬জন, যোৰহাটৰ ৮৬খন চাহ বাগিচাত ৫২২জন, কার্বি আংলঙৰ ১৫ চাহ বাগিচাত ৪৬জন, কৰিমগঞ্জৰ ২৩খন চাহ বাগিচাত ১৫৯জন, কোকৰাঝাৰৰ ৩খন চাহ বাগিচাত ৬৭জন, লখিমপুৰৰ ১০খন চাহ বাগিচাত ৩৬৭জন, মৰিগাঁৱৰ এখন চাহ বাগিচাত ৯৭জন, নগাঁৱৰ ২৬খন চাহ বাগিচাত ৬৪০জন, শিৱসাগৰৰ ২৭খন চাহ বাগিচাত ৪২১জন, শোণিতপুৰৰ ৩৮খন চাহ বাগিচাত ৮০২জন আৰু ওদালগুৰি জিলাৰ ২৪খন চাহ বাগিচাত ৫১৫জন লোক ক’ৰোনা ভাইৰাছত সংক্রমিত হৈছে৷

প্রশাসন তথা সংশ্লিষ্ট কর্তৃপক্ষই শিৱসাগৰ জিলাৰ চাহ বাগিচা এলেকাত সর্বাধিক ৪১৭টা কনটেইনমেণ্ট জ’ন ঘোষণা কৰিছে৷ ক’ৰোনা ভাইৰাছ সংক্রমিত চাহ বাগিচা এলেকাৰ পৰিয়ালসমূহক চৰকাৰীভাৱে প্রদান কৰা হৈছে সাহায্য সামগ্রী৷ যোৱা ৬ জুন পর্যন্ত এনে ৫,৯৩০টা পৰিয়ালক সাহায্য সামগ্রী আগবঢ়োৱা হৈছে বুলি স্বাস্থ্য বিভাগৰ তথ্যত প্রকাশ৷

উল্লেখ্য যে অসমৰ অর্থনীতিলৈ চাহ উদ্যোগৰ অৰিহণা প্রভূত৷ কিন্তু বতৰৰ অস্বাভাৱিক পৰিৱর্তন আৰু ক’ৰোনা ভাইৰাছৰ দ্রুত সংক্রমণে কার্যতঃ চাহ উদ্যোগটোলৈ অশনি সংকেত কঢ়িয়াই আনিছে৷ চলিত বর্ষত ৰাজ্যত চাহ উৎপাদন অস্বাভাৱিকভাৱে হ্রাস পোৱা সন্দর্ভত শেহতীয়াকৈ ‘নর্থ–ইষ্টার্ন টী এছ’চিয়েচন’ চমুকৈ ‘নেটা’ই চলোৱা এক অধ্যয়নত অতি উদ্বেগজনক তথ্য স্পষ্ট হৈছে৷

অধ্যয়নটোত উল্লেখ কৰা অনুসৰি ২০১৯ চনৰ তুলনাত চলিত বর্ষৰ জানুৱাৰীৰ পৰা মে’লৈ এই পাঁচ মাহতে চাহৰ উৎপাদন হ্রাস পাইছে ৬০ মিলিয়ন কিলোগ্রাম পর্যন্ত৷ বিগত বর্ষত লকডাউনৰ বাবে অসমত চাহ উৎপাদন ৭৮ মিলিয়ন কিলোগ্রাম হ্রাস হৈছিল৷ শতাংশৰ হিচাপত ২০১৯ বর্ষৰ তুলনাত চলিত বর্ষৰ প্রথম পাঁচ মাহত ৰাজ্যত চাহৰ উৎপাদন ৪০ শতাংশ হ্রাস পাইছে৷ ইয়াৰ মূলতে বিগত বর্ষতকৈ বৰষুণৰ পৰিমাণ চলিত বর্ষত ৪৫ শতাংশ পর্যন্ত হ্রাস পোৱাটো৷ এনেদৰে বতৰৰ অস্বাভাৱিক পৰিৱর্তনে ক্ষতিগ্রস্ত কৰা ৰাজ্যৰ চাহ উদ্যোগটোৰ বাবে সংহাৰী ক’ৰোনা ভাইৰাছ কার্যতঃ হৈ পৰিছে ভূতৰ ওপৰত দানহ স্বৰূপ৷

You might also like