নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিজ ভতিজীৰে বিবাহপাশত আবদ্ধ চৰকাৰী বিষয়া

🔹 পৌৰ নিগমৰ উপায়ুক্তৰ কার্যক লৈ উত্তপ্ত পৰিস্থিতি

নিউজ ডেস্ক, ২৪ আগষ্ট : অলপতে চাকৰি পাইছে৷ তাৰ পাছতে ল’লে জীৱনৰ সাহসী সিদ্ধান্ত৷ ১০ বছৰ ধৰি প্রণয়ৰ সম্পর্ক থকা যুৱতীৰ সৈতে বিবাহপাশত আবদ্ধ হ’ল বিহাৰৰ এগৰাকী চৰকাৰী বিষয়া৷ ইয়াত নতুনত্ব একো নাই৷ কিন্তু এই প্রেমিকা যদি হয় নিজৰ ভতিজী, তেন্তে তাক লৈ হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হোৱাটো তেনেই স্বাভাৱিক৷ এই ঘটনা সংঘটিত হৈছে বিহাৰত৷ বিহাৰৰ বেগুছৰাইৰ পৌৰ নিগমৰ উপায়ুক্তই নিজৰ ভতিজীক বিয়া কৰাইছে৷ নিজৰ ককায়েকৰ কন্যাক বিয়া কৰোৱা ঘটনাক লৈ উপায়ুক্তগৰাকীৰ বিৰুদ্ধে সমগ্র অঞ্চলটোত সৃষ্টি হৈছে সৰৱ চর্চা৷ লক্ষণীয়ভাৱে দুয়ো স্বামী–স্ত্রীয়ে প্রেম কৰা কোনো অপৰাধ নহয় বুলি ঘোষণা কৰি সকলো গঞ্জনাৰ পৰা পৰিত্রাণৰ চেষ্টা চলাইছে৷ স্বাধীনতা দিৱসৰ আগদিনাখন বিহাৰৰ বেগুছৰাইত উপায়ুক্ত শিৱশক্তি কুমাৰে খাগাৰীয়াৰ মন্দিৰত নিজতকৈ ১০ বছৰ সৰু ভতিজী ছেজল সিন্ধুৰ সৈতে বিবাহপাশত আবদ্ধ হয়৷ এই ঘটনাৰ পাছত শিৱশক্তি আৰু ছেজল সিন্ধুৰ পৰিয়ালত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি৷ উভয় পৰিয়ালে এনে লজ্জানত ঘটনাৰ বাবে পৰস্পৰক দোষাৰোপ কৰিছে যদিও নৱদম্পতীয়ে তেওঁলোকৰ এই বিয়াৰ বাবে কোনো জগৰীয়া নহয় বুলি স্পষ্ট কৰি দিছে৷ লক্ষণীয়ভাৱে শিৱশক্তি আৰু ছেজলৰ বিভিন্ন মহলৰ পৰা প্রাণনাশৰ ভাবুকিও আহিছে৷ আনকি দুয়োটা পৰিয়ালৰ তৰফৰ পৰা প্রতিদিনে বিভিন্ন ভাবুকি প্রদান কৰি থকা হৈছে৷ কিন্তু তেওঁলোকে এইক্ষেত্রত কোনোধৰণৰ ভয় কৰা নাই বুলি উল্লেখ কৰিছে৷ এনে এক সম্পর্কৰ পাছত যিকোনো সমস্যাৰ মুখামুখি হ’বলৈ তেওঁলোক সাজু আছে বুলি দুয়ো সংবাদ মাধ্যমক জনাইছে৷

You might also like