নিউজ ডেস্ক, ৬ জুন : উত্তৰাখণ্ডৰ হৰিদ্বাৰৰ বিজেপি নেত্রীৰ বিৰুদ্ধে প্রেমিকৰ জৰিয়তে নিজৰ কন্যাক ধ*র্ষণ কৰোৱাৰ অভিযোগ! ধ*র্ষণত জড়িত আছিল প্রেমিকৰ এজন সহযোগীও৷ অভিযোগ অনুসৰি, মাতৃৰ সন্মুখতে দুয়োজনে ধ*র্ষণ কৰিছিল কিশোৰীক৷ এইক্ষেত্রত মাতৃৰ সন্মতি আছে৷ এবাৰ, দুবাৰ নহয়, বহুবাৰ এই পাশৱিক কার্য মাতৃৰ সন্মুখতে সংঘটিত হৈছে৷ কিশোৰীৰ পিতৃয়ে বিষয়টো জনাৰ পিছতে আৰক্ষীক অভিযোগ দিয়ে৷ ইয়াৰ পিছতে প্রেমিকসহ অভিযুক্ত মাতৃক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ বিজেপি নেত্রীগৰাকীৰ প্রেমিকৰ সহযোগী অৱশ্যে পলাতক অৱস্থাত আছে৷ আৰক্ষীয়ে বিভিন্ন স্থানত তালাচী চলাই আছে যদিও মহিলাগৰাকীৰ প্রেমিকৰ সহযোগীক গ্রেপ্তাৰ কৰিব পৰা নাই৷ অভিযুক্ত মহিলাগৰাকী এসময়ত বিজেপিৰ মহিলা মর্চাৰ মুৰব্বী আছিল৷ এই ঘটনা পোহৰলৈ অহাৰ লগে লগে বিজেপিয়ে মহিলাগৰাকীক দলৰ পৰা বহিষ্কাৰ কৰিছে৷