নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাশ্মীৰৰ অৰণ্যত উদ্ধাৰ ৪ শ্বহীদ আৰক্ষীৰ মৃতদেহ

🔹 ২৩ মার্চত কাথুৱাত পাক সন্ত্রাসবাদীৰ বিৰুদ্ধে চলাইছিল অভিযান

নিউজ ডেস্ক, ৩০ মার্চ : জম্মু–কাশ্মীৰত সন্ত্রাস প্রতিৰোধী অভিযানত অংশগ্রহণ কৰি শ্বহীদ হোৱা ৪ আৰক্ষী কর্মীৰ মৃতদেহ কালি উদ্ধাৰ কৰা হৈছে৷ জম্মু–কাশ্মীৰ আৰক্ষী সঞ্চালকপ্রধান নলিন প্রভাতে সংবাদ মাধ্যমৰ আগত প্রকাশ কৰে এই তথ্য৷ স্মর্তব্য যে ২৩ মার্চত পাকিস্তানী সন্ত্রাসবাদীৰ বিৰুদ্ধে অভিযানত অংশগ্রহণ কৰাৰ সময়ত এই চাৰি আৰক্ষী কর্মী শ্বহীদ হৈছিল৷ ইফালে, সন্ত্রাসবাদীৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব বুলিও আৰক্ষী সঞ্চালকপ্রধানগৰাকীয়ে উল্লেখ কৰিছে৷ সাংবাদিকৰে বার্তালাপত আৰক্ষী সঞ্চালকপ্রধানগৰাকীয়ে ২৩ মার্চত সংঘটিত এনকাউণ্টাৰৰ সবিশেষ তথ্য সদৰী কৰে৷ উল্লেখনীয় যে জম্মু–কাশ্মীৰৰ কাথুৱাত সংঘর্ষত নিহত হৈছিল এই আৰক্ষী কর্মীকেইজন৷ ২৩ মার্চত এগৰাকী মহিলাই কাথুৱাৰ সান্ন্যাল গাঁৱত কেইটামান পাকিস্তানী সন্ত্রাসবাদীয়ে উপস্থিত হোৱা দেখিবলৈ পায়৷ লগে লগে মহিলাগৰাকীয়ে আৰক্ষীক খবৰ দিয়ে৷ তাৎক্ষণিকভাৱে আৰক্ষীৰ ৫জনীয়া দল এটা গাঁওখনত গৈ উপস্থিত হয়৷ তেতিয়াই উভয় পক্ষৰ মাজত গুলীয়াগুলী আৰম্ভ হয়৷ লক্ষণীয়ভাৱে আৰক্ষীৰ অতিৰিক্ত বাহিনী পিছত ঘটনাস্থলীলৈ প্রেৰণ কৰা হয় যদিও গভীৰ অৰণ্যত ৫জনীয়া আৰক্ষীৰ দলটোৱে প্রৱেশ কৰে৷ ২৩ মার্চৰ পৰা সন্ধানহীন হৈ আছিল ৪গৰাকী আৰক্ষী কর্মী৷ পিছত আৰক্ষী তথা সেনাই নিশ্চিত কৰে যে সন্ত্রাসবাদীৰে এনকাউণ্টাৰত শ্বহীদ হৈছে এই চাৰিগৰাকী কর্মী৷ কিন্তু তাৎক্ষণিকভাৱে মৃতদেহ বিচাৰি পোৱা নাছিল আৰক্ষীয়ে৷ কালি আটাইকেইগৰাকী শ্বহীদ আৰক্ষী কর্মীৰ মৃতদেহ উদ্ধাৰ হৈছে৷ ইফালে, ঘটনাস্থলীৰ পৰা দুটা সন্ত্রাসবাদীৰ মৃতদেহো উদ্ধাৰ কৰিছে আৰক্ষীয়ে৷ এই ঘটনা সন্দর্ভত সবিশেষ তথ্য অৱশ্যে তাৎক্ষণিকভাৱে আৰক্ষী সঞ্চালকপ্রধানগৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্রকাশ কৰা নাই৷ কালি শ্বহীদ আৰক্ষী কর্মীকেইগৰাকীক কাথুৱাৰ জিলা আৰক্ষী মুখ্য কার্যালয়ত অন্তিম শ্রদ্ধা জ্ঞাপন কৰে সতীর্থসকলে৷ লক্ষণীয়ভাৱে সন্ত্রাসবাদীয়ে দুটা আইইডিৰো বিস্ফোৰণ ঘটাইছিল ঘটনাস্থলীত৷ স্মর্তব্য যে জম্মু–কাশ্মীৰ বিধানসভা নির্বাচনৰ পাছৰ পৰা নিৰাপত্তা বাহিনীৰ ওপৰত আক্রমণ বৃদ্ধি কৰি আহিছে পাকিস্তান মদতপুষ্ট সন্ত্রাসবাদীয়ে৷ সঘনে নিৰাপত্তাৰক্ষীৰ কনভয়ত আক্রমণ চলোৱা হৈছে৷ ইয়াৰ প্রত্যুত্তৰ দিছে সেনা আৰু আৰক্ষীয়ে৷ ইফালে, সীমান্তত সঘনে ড্রোনেৰে বিস্ফোৰক প্রেৰণো কৰি আহিছে পাক সন্ত্রাসবাদীয়ে৷ এনে বহু কূটাঘাতী চেষ্টা ব্যর্থ কৰি আহিছে সেনা আৰু আৰক্ষীয়ে৷ শেহতীয়াকৈ আৰক্ষী কর্মীকেইজন শ্বহীদ হোৱাৰ পাছত অভিযান অধিক তীব্রতৰ কৰা হ’ব বুলি সঞ্চালকপ্রধানগৰাকীয়ে ঘোষণা কৰিছে৷

You might also like