নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সকলোৱে ল’ব লাগিব নেকি ক’ভিডৰ বুষ্টাৰ ডোজ

বিশেষ বাৰ্তা, ২২ মাৰ্চঃ নতুনকৈ ক’ভিড সংক্রমণ বিশ্বৰ নানা প্রান্তত বৃদ্ধি পোৱাৰ সময়ত আলোচনাত বহিছে কেন্দ্র। সূত্রই সদৰি কৰা মতে, যিসকলে ইতিমধ্যে ক’ভিডৰ দুয়োটা ভেকচিন লৈছে তেওঁলোকে সতর্কতামূলক পদক্ষেপ হিচাপে তৃতীয়টো ডোজ ল’ব লাগিব নেকি তাকে লৈ আলোচনা চলিছে স্বাস্থ্য মন্ত্ৰালয়ৰ বিষয়ববীয়াৰ। অৱশ্যে এই সন্দৰ্ভত চূড়ান্ত কোনো সিদ্ধান্ত লোৱা হোৱা নাই বুলি জনাইছে কেন্দ্রই। বিগত ডিচেম্বৰত আন আন দেশৰ দৰে ভাৰততো ক’ভিড সংক্ৰমণ আৰু অমিক্রনৰ সংক্রমণ আৰম্ভ হৈছিল। সেই সময়ত স্বাস্থ্যকর্মী আৰু ফ্রণ্টলাইন ৱার্কাৰসকলৰ বাবে ক’ভিডৰ বুষ্টাৰ ডোজ আৰম্ভ কৰিছিল নৰেন্দ্র মোদী চৰকাৰে। পৰৱর্তী পৰ্যায়ত ষাঠি উৰ্ধ্বৰ অসুস্থ ব্যক্তি, যিসকল ক্রনিক ৰোগত আক্ৰান্ত তেওঁলোকৰো টিকাকৰণ আৰম্ভ হয়। বর্তমানে নিৰোগী কিন্তু ষাঠিউর্ধ্বৰ ব্যক্তিৰ টিকাকৰণ চলি আছে। এইবাৰ সকলোকে বুষ্টাৰ ডোজ দিয়া হ’ব নেকি তাকে লৈ চিন্তা চৰ্চা চলিছে।

You might also like