নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্রাজিলত এদিনতে চাৰি সহস্রাধিকৰ প্রাণহানি

নিয়মীয়া বাৰ্তা ৮ এপ্ৰিলঃ ক’ভিড–১৯ মহামাৰীয়ে লেটিন আমেৰিকান ৰাষ্ট্র ব্রাজিলত পুনৰ ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ দেশখনত ক’ভিড সংক্রমণত প্রতিৰোধ লগাবলৈ যাৱতীয় ব্যৱস্থা গ্রহণ নকৰাৰ বাবেই ইতিমধ্যে ৰাজনীতি অস্থিৰ হৈছে৷ আনকি দুগৰাকীকৈ মন্ত্রীয়ে ৰাষ্ট্রপতি জাইৰ ব’লছ’নাৰোৰ ক’ভিড সংক্রমণ প্রতিৰোধৰ ক্ষেত্রত সবল পদক্ষেপ গ্রহণ নকৰা বিষয়টোক সমালোচনা কৰি পদত্যাগ কৰিছে৷ আনকি দেশখনৰ সেনাৰ অভ্যন্তৰতো ব’লছ’নাৰোৰ স্থিতিক লৈ সৃষ্টি হৈছে তীব্র প্রতিক্রিয়া৷ শেহতীয়াকৈ বিগত ২৪ ঘণ্টাত ক’ভিড–১৯ত আক্রান্ত হৈ দেশখনত প্রাণ হেৰুৱাইছে ৪ সহস্রাধিক লোকে৷

উল্লেখনীয় যে ক’ভিডত অধিক দ্রুত গতিত সংক্রমণ ঘটাব পৰা নতুন প্রকৰণে ইতিমধ্যে ব্রাজিলত পূর্বৰ তুলনাত অধিকসংখ্যক লোকক আক্রান্ত কৰিছে৷ ক’ভিড ৰোগীক চিকিৎসা কৰিবলৈ এতিয়া ব্রাজিলৰ হাস্পতালসমূহত পর্যাপ্ত সুবিধা নাই৷ অত্যধিক হাৰত ক’ভিড ৰোগী ৰখাৰ ফলত হাস্পতালসমূহৰ পৰিস্থিতি শোচনীয় হৈ পৰিছে৷

আনকি কেইবাখনো মহানগৰত হাস্পতালসমূহত ক’ভিডৰ চিকিৎসাৰ বাবে প্রতীক্ষা কৰি তিলতিলকৈ মৃত্যুক আদৰি ল’বলগীয়া হৈছে বহু ৰোগীয়ে৷ মাত্র কেইদিনমান পূর্বে দেশখনৰ স্বাস্থ্য মন্ত্রালয়ে সদৰী কৰিছিল যে ব্রাজিলত ক’ভিড প্রতিৰোধৰ ক্ষেত্রত কঠোৰ ব্যৱস্থা গ্রহণ নকৰিলে দেশখনৰ সমগ্র চিকিৎসা ব্যৱস্থাটোৱেই ধ্বংস হ’ব৷ এতিয়ালৈকে ক’ভিড মহামাৰীত ব্রাজিলত প্রাণ হেৰুৱাইছে ৩,৩৭,০০০ লোকে৷ আমেৰিকাৰ পিছতে এই তালিকাত ব্রাজিল আছে দ্বিতীয় স্থানত৷

লক্ষণীয়ভাৱে দেশখনত ক’ভিড মহামাৰীৰ সংক্রমণৰ সংহাৰ চলি আছে যদিও ৰাষ্ট্রপতি জাইৰ ব’লছ’নাৰোৱে এতিয়াও লকডাউন বা নিষেধাজ্ঞা আৰোপ কৰাৰ ক্ষেত্রত আপত্তি দর্শাই আছে৷

You might also like