নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতত প্রস্তুত স্পুটনিক ভি পাকলৈ পঠিয়াব ৰাছিয়াই

নিয়মীয়া বাৰ্তা ৮ এপ্ৰিলঃ ভাৰতত প্রস্তুত কৰা স্পুটনিক ভি ক’ভিড ভেকচিন ৰাছিয়াই পাকিস্তানলৈ প্রেৰণ কৰিব৷ মস্কো প্রশাসনে আজি ঘোষণা কৰিছে যে ভাৰতৰ দৰে যিবোৰ দেশত স্পুটনিক ভি ভেকচিন প্রস্তুত কৰা হৈছে, সেয়া পাকিস্তান তথা অন্যান্য দেশক যোগান ধৰা হ’ব৷ ৰাছিয়াই ইতিমধ্যে পাকিস্তানলৈ স্পুটনিক ভি ভেকচিনৰ ৫০ হাজাৰ ড’জ প্রেৰণ কৰিছে৷

শীঘ্রে আৰু ডেৰ লাখ ড’জ ভেকচিন মস্কো প্রশাসনে পাকিস্তানলৈ প্রেৰণ কৰিব৷ পাকিস্তানী বিদেশ মন্ত্রী এছ এম কুৰেশ্বিক কাষত লৈ এই কথা ঘোষণা কৰিছে ৰুছ বিদেশ মন্ত্রী ছের্গেই লেভৰ’ভে৷ উল্লেখনীয় যে ৰাছিয়াই গৃহভূমিৰ উপৰি স্পুটনিক ভি ভেকচিন প্রস্তুত কৰি আছে ভাৰত, কোৰিয়া, বেলাৰুছ তথা অন্যান্য কেইবাখনো দেশত৷ পাকিস্তানে যাতে ক’ভিড প্রতিৰোধৰ ক্ষেত্রত ১০০ শতাংশ যুঁজ দিব পাৰে সেই বিষয়টোত মস্কো প্রশাসনে গুৰুত্ব প্রদান কৰিব বুলিও লেভৰ’ভে আজি স্পষ্ট কৰিছে৷

You might also like