বিশেষ বাৰ্তা, ১ ফেব্ৰুৱাৰী : দ্বিতীয়খন মোদী চৰকাৰৰ অন্তিম বাজেটত আয়কৰৰ গাঁথনিৰ কোনো পৰিৱৰ্তন দেখা নগ’ল। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বৃহস্পতিবাৰে সংসদত অন্তৰ্ৱৰ্তীকালীন বাজেট দাখিলৰ সময়ত এয়া স্পষ্ট হৈ পৰে। তেওঁ ঘোষণা কৰে যে যিহেতু এইটো এটা নিৰ্বাচনী বৰ্ষ, আমি এই সন্দৰ্ভত কোনো সিদ্ধান্ত ঘোষণা কৰা নাই। যদিও ইয়াৰ পূৰ্বে ২০১৯ চনত লোকসভা নিৰ্বাচনৰ পূৰ্বে আয়কৰ ৰেহাইৰ সীমা অন্তৰ্ৱৰ্তীকালীন বাজেটত বৃদ্ধি কৰা হৈছিল। অহা মাৰ্চ পৰ্যন্ত বলৱৎ থকা কৰ গাঁথনি পৰৱৰ্তী বাজেটলৈ বৃদ্ধি কৰা হৈছে বুলিও নিৰ্মলা সীতাৰমণে কয়। সাধাৰণতে লোকসভা নিৰ্বাচনী বৰ্ষত নিৰ্বাচনৰ পিছত যেতিয়া নতুন চৰকাৰ গঠন হয়, তেতিয়া সম্পূৰ্ণ বাজেট দাখিল কৰা হয়। চৰকাৰী ব্যয় আৰু কাম-কাজত যাতে ব্যাঘাত নজন্মে, তাৰ বাবে নিৰ্বাচনৰ পূৰ্বে অন্তৰ্ৱৰ্তীকালীন বাজেট দাখিল কৰা হয়। সাধাৰণতে অন্তৰ্ৱৰ্তীকালীন বাজেটত কোনো ডাঙৰ ঘোষণা কৰা নহয়। কিন্তু ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে অন্তৰ্ৱৰ্তীকালীন বাজেটত আয়কৰ ৰেহাইৰ সীমা বৃদ্ধি কৰা হৈছিল। পাঁচ লাখ টকা পৰ্যন্ত আয়ৰ ওপৰত কোনেও আয়কৰ দিব নালাগিব বুলি ঘোষণা কৰা হৈছিল। এইবাৰ কিন্তু সংসদত বিত্তমন্ত্ৰীগৰাকীয়ে দাখিল কৰা বাজেটত অপৰিৱৰ্তিত আয়কৰ গাঁথনিয়ে মধ্যবিত্ত শ্ৰেণীক হতাশ কৰে। অৱশ্যে তেওঁ প্ৰত্যক্ষ কৰ ব্যৱস্থাৰ সংস্কাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি কেইবাটাও ঘোষণা কৰে। তেওঁ কয় যে চৰকাৰে কৰদাতাৰ সেৱাৰ সুবিধাৰ বাবে বিবাদিত কৰ বা কৰ বিবাদ ৰেহাই দিয়াৰ সিদ্ধান্ত লৈছে। ২০১০ চনলৈকে যিসকলৰ এই বিতৰ্কিত কৰ সমস্যা আছে, তেওঁলোকক ২৫ হাজাৰ টকা পৰ্যন্ত ৰেহাই দিয়া হ’ব। ২০১০ চনৰ পিছত কৰ বিবাদ হ’লে ১০ হাজাৰ টকা পৰ্যন্ত ৰেহাই দিয়া হ’ব। যাৰ ফলত ১ কোটি কৰদাতা উপকৃত হ’ব।