বিধানসভা নিৰ্বাচনঃ ৰাজনীতিত নামিছে এজনৰ পাছত আনজন আমোলা
উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত সমাগত। এনে সময়ত ইজনৰ পাছত সিজন আমোলাই যোগ দিবলৈ লৈছে ৰাজনীতিত। চাকৰিৰ পৰা স্বেচ্ছাই অৱসৰ লোৱাৰ এদিন পাছতে আই পি এছ বিষয়া অসীম অৰুণে যোগ দিলে বিজেপিত। কাণপুৰৰ আৰক্ষী আয়ুক্ত পদৰ পৰা অৱসৰ গ্ৰহণ কৰি অসীম অৰুণে বিজেপিত যোগ দি আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা টুইটাৰযোগে জনালে।
প্ৰাক্তন আই এ এছ বিষয়া ৰাম বাহাদুৰে এইবাৰ যোগ দিলে বিজেপিত। ২০১৭ চনৰ নিৰ্বাচনত বাহাদুৰে বিএছপিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও মাত্ৰ ৫৩০ টা ভোটৰ ব্যৱধানত পৰাজিত হৈছিল।
আই এ এছ বিষয়া অৰবিন্দ কুমাৰ শৰ্মাই চাকৰিৰ পৰা স্বেচ্ছাই অৱসৰ গ্ৰহণ কৰি বিজেপিত যোগ দি দলটোৰ উত্তৰ প্ৰদেশ শাখাৰ উপাধ্যক্ষ হৈ আছিল। গুজৰাটৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ত মোদীৰ সৈতে ২০ বছৰে ওচৰৰ পৰা কাম কৰাৰ পাছত তেওঁ শেষত যোগ দিযে বিজেপিত।
উত্তৰ প্ৰদেশৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ব্ৰীজ লালে অৱশেষত যোগ দিলে বিজেপিত। উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মায়াৱতী আৰু কল্যান সিঙৰ সৈতে আগেয়ে খুবে ঘনিষ্ঠতা থকা ব্ৰীজ লালে এইবাৰ বিজেপিৰ টিকটত নিৰ্বাচনত নামিব বুলি চৰ্চা হৈছে।
মুম্বাইৰ প্রাক্তন আৰক্ষী আয়ুক্ত সত্য পাল সিঙে ২০১৪ চনৰ লোকসভা নিৰ্বাচনত বাঘপটৰ পৰা প্ৰতিদ্বন্দ্বিতাত নামি তেতিয়াৰ সাংসদ আৰু আৰ এল ডিৰ মুৰব্বী অজিত সিঙক ২ লাখ ভোটৰ ব্যৱধানত পৰাজিত কৰি কেন্দ্ৰীয় মন্ত্ৰীসভাত কণিষ্ঠ মন্ত্ৰীৰ পদো লাভ কৰে। একেটা সমষ্টিৰ পৰা তেওঁ ২০১৯ চনত পুনৰ অজিত সিঙৰ পুত্ৰক পৰাজিত কৰে।
উত্তৰ প্ৰদেশৰ প্ৰাক্তন আই এ এছ বিষয়া কোঁৱৰ ফাতেহ বাহাদুৰে যোগ দিছে মায়াৱতীৰ বিএছপিত। মায়াৱতী মুখ্যমন্ত্ৰী হৈ থকা সময়ত তেঁৱে গৃহ দপ্তৰৰ সকলো কাম-কাজ চম্ভালিছিল।
ইয়াৰ উপৰি আন বহু প্ৰাক্তন আমোলাই বিভিন্ন দলত থাকি বৰ্তমানে উত্তৰ প্ৰদেশৰ ৰাজনীতিত সক্ৰিয় হৈ আছে।