নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেওবাৰে নিশা বিহপুৰীয়া আৰক্ষীয়ে এটা দালাল গ্ৰেপ্তাৰ কৰে

নিয়মীয়া বাৰ্তা ১৭ জানুৱাৰীঃ  ৰাজ্য চৰকাৰে থানাত দালালী কৰা লোকৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তোলাৰ সময়তে দেওবাৰে নিশা বিহপুৰীয়া আৰক্ষীয়ে এটা দালালী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।
আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা এই দালালীটোৰ নাম মিজানুৰ ৰহমান ৷
বিগত সময়ত মিজানুৰ নামৰ এই দালালটোৱে দালালী চলাই গৈছিল বিহপুৰীয়া থানাত ।
ইতিমধ্যে অধিক তথ্যৰ বাবে দালাল মিজানুৰ ৰহমানক জেৰা কৰা হৈছিল যদিও মিজানুৰৰ স্বাস্থ্য পৰিক্ষা কৰাত দেহত কভিড ধৰা পৰাত চিকিৎসাৰ বাবে লখিমপুৰস্থিত কভিড কেয়াৰ চেন্টাৰলৈ প্ৰেৰণ কৰা হৈছে।

You might also like