নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্যতিক্ৰম ! উদং শৰীৰত চাবুক মাৰি অনশন আৰম্ভ

🔹 কি কাৰণত এই ভয়ানক প্ৰতিবাদ ?

নিউজ ডেস্ক, ২৮ ডিচেম্বৰ : পিন্ধনত সেউজীয়া ৰঙৰ লুঙী! উদং শৰীৰ৷ হাতত এপাট চাবুক৷ এই চাবুকেৰে বাৰে বাৰে নিজৰ শৰীৰত আঘাত কৰিছে তামিলনাডুৰ বিজেপি মুৰব্বী কে আন্নামালায়ে৷ এই ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত৷ ভিডিঅ’ত দেখিবলৈ পোৱা গৈছে- এবাৰ এবাৰকৈ ৬বাৰ নিজৰ শৰীৰত আঘাত কৰিছে আন্নামালায়ে৷ সপ্তমবাৰ চাবুকেৰে শৰীৰত আঘাত কৰাৰ পূর্বেই এজন সমর্থকে এই চাবুক কাঢ়ি লয়৷ প্রতিবাৰ চাবুকেৰে শৰীৰত আঘাত কৰাৰ সময়ত চৰকাৰবিৰোধী শ্লোগান দিয়ে আন্নামালায়ে৷ বিজেপি সভাপতিগৰাকীৰ এনে কার্যক লৈ সৃষ্টি হৈছে চাঞ্চল্য৷ জানিব পৰা গৈছে যে তামিলনাডুৰ ডিএমকে চৰকাৰৰ বিৰুদ্ধে এক বৃহৎ প্রতিবাদী কার্যসূচীৰ সিদ্ধান্ত লৈছে আন্নামালায়ে৷ এই আন্দোলনৰ মূল লক্ষ্য হৈছে ২০২৬ চনৰ ৰাজ্যখনৰ ক্ষমতাৰ পৰা ডিএমকেক উৎখাত কৰা৷ আন্দোলনৰ কার্যসূচী হিচাপে আগন্তুক ৪৮দিন অনশন কৰিব আন্নামালায়ে৷ লগতে এই সময়ছোৱাত কেৱল খালী ভৰিৰে খোজকঢ়াৰ সিদ্ধান্ত লৈছে তামিলনাডুৰ বিজেপি সভাপতিগৰাকীয়ে৷ এই প্রতিবাদী কার্যসূচীৰ সূচনা হিচাপেই চাবুকেৰে শৰীৰত আঘাত কৰে আন্নামালায়ে৷ সাংবাদিকৰ আগত চাবুকেৰে আঘাত কৰাৰ কাৰণ এয়া তামিল সংস্কৃতিৰ অংশ বুলি উল্লেখ কৰে নেতাগৰাকীয়ে৷ ৰাজ্যখনত চৰম অৰাজকতা সৃষ্টি হোৱাৰ লগতে চলিত সপ্তাহত চেন্নাইৰ আন্না বিশ্ববিদ্যালয়ত এজনী ছাত্রীক যৌন আতিশয্য চলোৱাৰ ঘটনাটো প্রসংগক্রমে উল্লেখ কৰে আন্নামালায়ে৷

You might also like