নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জৰায়ুৰ কর্কটৰ ভেকচিন প্রস্তুত ভাৰতত!

নিয়মীয়া বাৰ্তা ১৭ জুন:  ভাৰতত আটাইতকৈ বেছি যি দুটা ক’ভিড ভেকচিন ব্যৱহাৰ হৈছে তাৰ এটা প্রস্তুত কৰিছিল ছেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই৷ এই ভেকচিনটো হৈছে ক’ভিশ্বিল্ড৷ এইবাৰ ছেৰাম ইনষ্টিটিউটে প্রস্তুত কৰা ছার্ভিকেল কেঞ্চাৰ বা জৰায়ুৰ কর্কটৰ বাবে প্রস্তুত কৰা ভেকচিনক অনুমোদন দিছে ডিচিজিআয়ে৷ কালি এই অনুমোদন লাভ কৰিছে পুনেৰ দৰব প্রস্তুত সংস্থাটোৱে৷ সফল ক্লিনিকেল পৰীক্ষাৰ পাছত চৰকাৰী অনুমোদন লাভ কৰিছে ছেৰামে৷ জৰায়ুৰ কর্কটৰ বাবে ছেৰাম ইনষ্টিটিউটে প্রস্তুত কৰা এই ভেকচিনৰ নাম হৈছে কোৱাড্রিভালেণ্ট হিউমেন পেপিলোমাভাইৰাছ ভেকচিন৷ সংক্ষেপে ইয়াৰ নাম কিউইউএইচপিভি৷ \

উল্লেখনীয় যে ৯ৰ পৰা ২৬ বছৰ বয়সৰ জৰায়ুৰ ৰোগীসকলৰ ক্ষেত্রত এই ভাইৰাছ প্রয়োগৰ অনুমোদন দিছে ডিচিজিআয়ে৷ সংবাদ সংস্থাৰ সূত্রই প্রকাশ কৰা অনুসৰি কিউইউএইচপিভি ভেকচিন সম্পূর্ণৰূপে ভাৰতীয় প্রযুক্তিত প্রস্তুত কৰা হৈছে৷ এই ভেকচিন জৰায়ুৰ কর্কট ৰোগ নাশ কৰিবলৈ সক্ষম হ’ব বুলি ছেৰাম ইনষ্টিটিউটৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে৷ লক্ষণীয়ভাৱে পুৰুষ–মহিলা তথা তৃতীয় লিংগৰ লোকসকলৰ বাবে এই ভেকচিন সুৰক্ষিত বুলি কোৱা হৈছে৷

You might also like