নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাত জনপ্ৰিয় “চাই পানী”, উজলিছে শ্ৰেষ্ঠত্বৰ দৌৰত

বিশেষ বাৰ্তা, ১৪ জুনঃ দোকানখনৰ নাম ‘চাই পানী’। দেশত নহয়, সাত সাগৰ তেৰ নদী সীপাৰত তেনেই কম মূল্যত ভাৰতীয় ষ্ট্ৰীট ফুড পৰিবেশন কৰোৱা ৰেষ্টুৰেণ্ট এইখন। উত্তৰ কেৰোলিনাৰ এই ৰেষ্টুৰেণ্টখন শেহতীয়াকৈ সংবাদ শিৰোণামলৈ আহিছে। আমেৰিকাৰ এখন শ্ৰেষ্ঠ ৰেষ্টুৰেণ্ট বুলি বাছনি হৈছে ‘চাই পানী’। সোমবাৰে চিকাগোত অনুষ্ঠিত জেমছ বিয়াৰ্ড ফাউণ্ডেশ্যন এৱাৰ্ডত আমেৰিকাৰ আটাইতকৈ ভাল লগা ৰেষ্টুৰেণ্ট হিচাপে নিৰ্বাচিত কৰা এই খাদ্যৰ বিপনীখনে নিউ অৰলিন্সৰ ব্ৰেনানৰ মনোনীত ৰেষ্টুৰেণ্টৰ শীৰ্ষস্থান দখল কৰিছে। ২০২০ আৰু ২০২১ চনত বাতিল হোৱাৰ পিছত দুবছৰৰ মূৰত প্ৰথমবাৰৰ বাবে এই সন্মান প্ৰদান কৰা হৈছে। অৰ্থনীতিৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা মুদ্ৰাস্ফীতিৰ মাজতে আৰু আমেৰিকানসকলে চাৰিটা দশকৰ ভিতৰত খাদ্যৰ বাবে সৰ্বাধিক মূল্য দি থকাৰ সময়তে এই বঁটাটো প্ৰদান কৰা হৈছে। এই বছৰৰ বঁটা প্ৰাপক আৰু মনোনীতসকল অধিক বৈচিত্ৰময় আছিল যাতে আমেৰিকাৰ আন্তঃভাগ ভালদৰে প্ৰতিফলিত কৰিব পাৰি। নিউয়ৰ্ক বা চিকাগোৰ পৰা বহু বিজয়ী ওলাই অহা বছৰবোৰৰ তুলনাত ভৌগোলিক বৈচিত্ৰ্যও বেছি আছিল এইবাৰ। ‘চাই পানী’ৰ মেনুত, যিটো নামৰ আক্ষৰিক অৰ্থ চাহ আৰু পানী, তাত “চাত” নামৰ জনপ্ৰিয় ভাৰতীয় মুখৰোচক খাদ্যবিধ আছে। আন আন বিজয়ীসকলৰ ভিতৰত আছে মিনিঅ’পলিছৰ ঘৰুৱা আমেৰিকান ৰেষ্টুৰেণ্ট ওৱামনি, য’ত কৰ্মচাৰীসকল ৭৫% থলুৱা, সেইখনে শ্ৰেষ্ঠ নতুন ৰেষ্টুৰেণ্ট হিচাপে সন্মানিত হৈছে।

You might also like