নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্কুলখন নাই, ধ্বংসাৱশেষৰ মাজতে ফটোত প’জ এদল শিক্ষাৰ্থীৰ

বিশেষ বাৰ্তা, ১৪ জুনঃ পাশ্চাত্য বিশ্বত শিক্ষাৰ্থীৰ জীৱনৰ অন্যতম গুৰুত্বপূৰ্ণ অনুষ্ঠান হ’ল প্ৰ’ম। ইউক্ৰেইনৰ এগৰাকী ছাত্ৰীয়ে অলপতে এই উপলক্ষে এটা গুৰুত্বপূৰ্ণ বাৰ্তা প্ৰদান কৰিছে। তেওঁ বিশেষ দিনটোৰ বিশেষ পোছাকজোৰ পিন্ধি নিজৰেই ধ্বংসপ্ৰাপ্ত স্কুলখনৰ সন্মুখত প’জ দিয়া দেখা গৈছিল। কিশোৰীগৰাকীৰ সেই ফটো ইণ্টাৰনেটত ভাইৰেল হোৱাৰ পিছত সকলোকে ভবাই তুলিছিল। এইবাৰ যুদ্ধবিধ্বস্ত স্কুলৰ সমুখতে ফটোত প’জ দিছে এজাক হাইস্কুলীয়া শিক্ষাৰ্থীয়ে। ইউক্ৰেইনৰ এণ্টি-কৰাপছন একচন চেণ্টাৰৰ কাৰ্যবাহী সঞ্চালক ডাৰিয়া কেলেনিউকে সোমবাৰে টুইটাৰত এই ফটো শ্বেয়াৰ কৰে। পোষ্টটোৰ কেপচনত লিখিছে- চেৰ্নিগিভ স্কুলত স্নাতক ডিগ্ৰী লাভ কৰা। ভাইৰেল ফটোখনত মুঠ ১৩ গৰাকী ছাত্ৰ-ছাত্ৰীক দেখা গৈছে। পটভূমিত ক্ষতিগ্ৰস্ত আৰু ধ্বংসপ্ৰাপ্ত অট্টালিকাসমূহৰ সন্মুখত আত্মবিশ্বাসী আৰু নিৰ্ভীক মুখৰ সৈতে ছাত্ৰ-ছাত্ৰীসকলক দেখা যায়।

You might also like