নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বৰ উট্টতম ৰে’লৱে দলং চেনাব ব্ৰিজৰ নিৰ্মাণ সম্পূৰ্ণ

নিয়মীয়া বাৰ্তা, ২৮মাৰ্চ: জম্মু আৰু কাশ্মীৰক দুহ উপত্যকাত বিভক্ত কৰা নদীখন হৈছে চেনাব৷ এতিয়া এহ চেনাব নদীৰ ওপৰত দুহ উপত্যকাৰ মাজত ‘আৰু’ৰ ভূমিকা পালন কৰিছে বিশ্বৰ ডচ্চতম ৰে’লৱে দলঙে৷ সেয়া হ’ল চেনাব ব্রিজ৷ চেনাব ব্রিজখনক বিশ্বৰ ‘অষ্টম আশ্চর্য’ হিচাপেও অভিহিত কৰিব পাৰি৷ কাৰণ ৩৩০ মিটাৰ ডচ্চ সপ্তম আশ্চর্যৰ অন্যতম ফ্রান্সৰ আহফেল টাৱাৰতকৈও সুডচ্চ চেনাব ব্রিজৰ উচ্চতা হৈছে নদীখনৰ পৰা ৩৫৯ মিটাৰ৷ অতি দুর্গম হিমালয়ৰ শাখা–প্রশাখাক ভেদি নির্মীয়মাণ উদমপুৰ–শ্রীনগৰ ৰে’ল লিংক প্রকল্পৰ নয়নমণি স্বৰূপ ১.৩১৫ কিলোমিটাৰ দৈর্ঘ্যৰ ধনু (আর্ক) আকাৰৰ চেনাব ব্রিজৰ কাম ইতিমধ্যে সম্পন্ন হৈছে৷ দলংখনৰ জীৱনকাল হৈছে ১২০ বছৰ৷ দেওবাৰে ৰে’লমন্ত্রী অশ্বিনী বৈষৱে প্রথমবাৰৰ বাবে ৰে’ল ট্ৰলীৰে দলংখন পৰিদর্শন কৰে৷ অতি বিস্ময়কৰ দলংখন পৰিদর্শনৰ বাবে দেশৰ বিভিন্ন প্রান্তৰ সংবাদ প্রতিষ্ঠানৰ প্রতিনিধিসকলকো আমন্ত্রণ জনোৱা হৈছিল ৰে’ল মন্ত্রালয়ৰ তফৰৰ পৰা৷ জম্মুৰ পৰা প্রায় ১১০ কিলোমিটাৰ দূৰত্বত ৰিয়াছি জিলাত নির্মাণ কৰা চেনাব ব্রিজখনে দেশৰ অন্যান্য প্রান্তৰ সৈতে কাশ্মীৰ ডপত্যকাক সংযুক্ত কৰিছে৷

কেন্দ্রীয় ৰে’লমন্ত্রী বৈষ্ণৱে প্রকাশ কৰা মতে, ২০২৪ চনৰ ভিতৰত চেনাব ব্রিজেৰে দিল্লীৰ পৰা অতি চর্চিত বন্দে ভাৰত ৰে’লে পোনে পোনে শ্রীনগৰলৈ যাত্রা কৰিব৷ ভৌগলিকভাৱে অতি দুর্গম এহ অঞ্চলত ৰে’লৰ গতিবেগ প্রতি ঘণ্টাত ১০০ কিলোমিটাৰ নির্ধাৰণ কৰা হৈছে৷ মন কৰিবলগীয়া যে বিশ্বৰ উচ্চতম দলং হিচাপে চেনাব ব্রিজৰ সমান্তৰালকৈ ৰিয়াছি জিলাত আঞ্জি নদীৰ ওপৰত নির্মাণ কৰি থকা আঞ্জি ব্রিজখনো দেশৰ অভিযান্ত্রিক তথা কাৰিকৰী উৎকর্ষতাৰ অন্যতম নিদর্শন হৈ পৰিছে৷ কাৰণ আঞ্জি ব্রিজ হৈছে কেব্লছ অর্থাৎ তাঁৰৰ ওপৰত ভৰ কৰি থকা (কেব্ল ষ্টেড) দেশৰ প্রথমখন ৰে’ল দলং৷ নদীপৃষ্ঠৰ পৰা ১৯৬ মিটাৰ উচ্চতাত নির্মীয়মাণ দলংখনৰ দৈর্ঘ্য হৈছে ৪৭৩.২৫ মিটাৰ৷ দুয়োপাৰত থকা ৫ আৰু ৩ কিলোমিটাৰ দৈর্ঘ্যৰ দুটা সুৰংগক দলংখনে সংযোগ কৰিছে৷ মন কৰিবলগীয়া যে দুর্গম পাহাৰৰ মাজত নির্মাণ কৰা আঞ্জি আৰু চেনাব দুয়োখন দলঙৰ ওপৰত প্রতিনিয়ত তীব্র বতাহ বলি থাকে৷ কেতিয়াবা কেতিয়াবা দলঙৰ ওপৰত থিয় হোৱাটোও অসম্ভৱ হৈ পৰে৷ বতাহৰ গতিবেগ প্রতি ঘণ্টাত ৪৫ কিলোমিটাৰৰ অধিক হ’লে নির্মাণকার্য স্থগিত ৰাখিবলগীয়া হয়৷ সেয়েহে আঞ্জি ব্রিজখন প্রতি ঘণ্টাত ২১৩ কিলোমিটাৰ আৰু চেনাব ব্রিজখন প্রতি ঘণ্টাত ২৬৬ কিলোমিটাৰ বেগেৰে অহা ধুমুহাতো স্থিৰ ৰাখিব পৰাকৈ নির্মাণ কৰা হৈছে৷

উল্লেখ্য যে ২০১৭ চনত আৰম্ভ হোৱা আঞ্জি ব্রিজৰ নির্মাণকার্যৰ প্রায় ৮০ শতাংশ কাম এতিয়ালৈকে সম্পন্ন হৈছে৷ আনহাতে, ২০০৩ চনত অনুমোদন লাভ কৰা চেনাব ব্রিজখনৰ নির্মাণকার্য ২০০৮ চনত আৰম্ভ হৈছিল তথা ২০২২ চনৰ আগষ্ট মাহত দলংখনৰ নির্মাণকার্য সমাপ্ত হৈছিল৷ চলিত মাহত দলংখনৰ ওপৰত ৰে’ল ট্ৰেক স্থাপনৰ কাম সম্পূর্ণ হৈছে তথা দেওবাৰে ৰে’লমন্ত্রী অশ্বিনী বৈষৱে আনুষ্ঠানিকভাৱে দলংখনত ৰে’ল ট্ৰলীৰে যাত্রা কৰে৷

উল্লেখ্য যে সম্পূর্ণ হস্পাতেৰে নির্মাণ কৰা চেনাব ব্রিজত ব্যৱহাৰ কৰা হস্পাতৰ পৰিমাণ হৈছে ২৮,৬৬০ মেট্ৰিকটন৷ কেন্দ্রীয় ৰে’লমন্ত্রী বৈষৱে প্রকাশ কৰা মতে, দলংখনৰ সুৰক্ষাৰ ওপৰত সর্বাধিক গুৰুত্ব আৰোপ কৰা হৈছে তথা অতিশয় ভূকম্পন এলেকাত নির্মাণ কৰা এহ দলংখনে ৰিখ্টাৰ স্কেলত ৮ প্রাবল্যৰ বৰভঁূহকঁপো সহ্য কৰিব পাৰিব৷ উল্লেখ্য যে চেনাব ব্রিজৰ নির্মাণকার্যত ১,৪৮৬ কোটি টকা ব্যয় কৰাৰ বিপৰীতে আঞ্জি ব্রিজৰ ব্যয় ৪৫৮ কোটি টকা ধার্য কৰা হৈছে৷ লক্ষণীয়ভাৱে বিস্ময়কৰ তথা অভাৱনীয় উদমপুৰ–শ্রীনগৰ ৰে’ল লিংক প্রকল্পৰ নির্মাণকার্যৰ দায়িত্ব আন এক দুর্গম ৰে’ল প্রকল্পৰ কাণ্ডাৰী কোংকন ৰে’লৱে কর্প’ৰেচনক প্রদান কৰা হৈছে৷ প্রকল্পটোক কার্যকৰী কৰি তোলাৰ বাবে দুর্গম অঞ্চলসমূহ গৈ পোৱাৰ বাবে নির্মাণ কৰা হৈছে ২০৫ কিলোমিটাৰৰ ৰাস্তা তথা সুৰংগ৷ কেৱল চেনাব ব্রিজ নির্মাণ কৰাৰ বাবে নির্মাণথলীলৈ গৈ পোৱাৰ বাবে ২৬ কিলোমিটাৰৰ ৰাস্তা আৰু ৪০০ মিটাৰৰ এটা সুৰংগ নির্মাণ কৰিবলগীয়া হৈছে নির্মাণকাৰী সংস্থাই৷ ১৯৯৯ চনত উদমপুৰ–শ্রীনগৰ ৰে’ল লিংক প্রকল্প হাতত লৈছিল কেন্দ্রীয় চৰকাৰে৷ প্রকল্পটোৰ গুৰুত্ব অনুধাৱন কৰি ২০০২ চনত হয়াক ৰাষ্ট্রীয় প্রকল্পৰ মর্যাদা প্রদান কৰা হয়৷ জম্মুৰ পৰা শ্রীনগৰলৈকে মুঠ ৩২৭ কিলোমিটাৰৰ এই ৰে’ল প্রকল্পৰ ২১৬ কিলোমিটাৰৰ কাম হতিমধ্যে সম্পন্ন হৈছে তথা উক্ত পথছোৱাত ৰে’ল চলাচল অব্যাহত আছে৷ কেৱল ১১১ কিলোমিটাৰৰ কাটৰা–বানিহাল সংযোগী আটাহতকৈ দুর্গম অঞ্চলৰ নির্মাণকার্যহে বাকী আছে তথা হয়াৰ ৯০ শতাংশ কাম হতিমধ্যে সম্পূর্ণ হৈছে বুলি ৰে’ল মন্ত্রালয়ে দাবী কৰিছে৷

জম্মু উপত্যকাৰ কাটৰাৰ পৰা কাশ্মীৰৰ বানিহাললৈকে সংযোগ কৰা নির্মীয়মাণ ১১১ কিলোমিটাৰৰ এই ৰে’লপথছোৱাত আছে ২৭টা মুখ্য আৰু ৮টা আপদকালীন সুৰংগ৷ আছে ৩৭খন দলং৷ চেনাব আৰু আঞ্জিৰ নিচিনা আছে চাৰিখন বৃহৎ তথা প্রত্যাহ্বানস্বৰূপ দলং৷ ইয়াৰ পূর্বে ডদমপুৰ–শ্রীনগৰ ৰে’ল লিংক প্রকল্পৰ জম্মু–উধমপুৰ ৫৫ কিলোমিটাৰৰ ৰে’লপথ ২০০৫ চনৰ এপ্রিল মাহত শুভাৰম্ভ হৈছিল৷ ১১৮ কিলোমিটাৰজোৰা কোৱাজিগুণ্ড–বাৰামুলা ৰে’লপথছোৱা তিনিটা পর্যায়ত ২০০৯ চনৰ অক্টোবৰ মাহত সম্পূর্ণ কৰা হৈছিল৷ ইয়াৰ পাছত ১৮ কিলোমিটাৰৰ বানিহাল–কোৱাজিগুণ্ড ৰে’লপথ ২০১৩ চনৰ জুন মাহত কার্যকৰী কৰি তোলা হৈছিল৷ সর্বশেষ উধমপুৰ–কাটৰাৰ ২৫ কিলোমিটাৰৰ ৰে’লপথছোৱা ২০১৪ চনৰ জুন মাহত নতুন প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে শুভাৰম্ভ কৰিছিল৷ এতিয়া কাটৰাৰ পৰা বানিহাললৈকে ১১১ কিলোমিটাৰৰ ৰে’ল পথছোৱা কার্যকৰী হ’লেই সমগ্র কাশ্মীৰখন ৰে’লেৰে দেশৰ আন সকলো প্রান্তৰ সৈতে সংযুক্ত হ’বলৈ সক্ষম হ’ব৷ মন কৰিবলগীয়া যে এই মুহূর্তত গাডীৰে জম্মুৰ পৰা শ্রীনগৰ গৈ পাবলৈ ৭ ঘণ্টাৰ প্রয়োজন হয়৷ এতিয়া বিশ্বৰ উচ্চতম ৰে’ল ব্রিজ হিচাপে চেনাব ব্রিজে জম্মু আৰু কাশ্মীৰক সংযোগ কৰা মাত্রেই এই যাত্রাকাল অর্ধেক অর্থাৎ চাৰে তিনি ঘণ্টালৈ হ্রাস পাব বুলি দলংখনত থিয় হৈ কেন্দ্রীয় মন্ত্রী বৈষৱে সাংবাদিকৰ আগত জানিবলৈ দিছে৷

লক্ষণীয়ভাৱে চেনাব ব্রিজৰ সংবাদ মেলত কেন্দ্রীয় ৰে’লমন্ত্রীজনে হিমালয়ৰ দুর্গম অঞ্চলত ৰে’ল প্রকল্পৰ ব্যাখ্যা কৰিবলৈ গৈ অসম তথা উত্তৰ–পূর্বাঞ্চলৰ ৰে’ল প্রকল্পৰ কথাও বিশেষভাৱে ব্যক্ত কৰে৷ কেন্দ্রীয় ৰে’লমন্ত্রী বৈষৱে কয় যে অসম তথা উত্তৰ–পূর্বাঞ্চলৰ ৰে’ল প্রকল্পসমূহৰ পৰাও যেনেদৰে শিক্ষা গ্রহণ কৰি চেনাব ব্রিজৰ দৰে কঠিন তথা প্রত্যাহ্বানস্বৰূপ দলং এখন নির্মাণ কৰিবলৈ আমি সক্ষম হৈছো, ঠিক তেনেদৰেই চেনাব ব্রিজৰ কাৰিকৰী দক্ষতাহ অনাগত দিনত উত্তৰ–পূর্বাঞ্চলৰ অৰুণাচল প্রদেশৰ নিচিনা দুর্গম অঞ্চলৈকেও ৰে’ল পথ নির্মাণত সহায় কৰিব৷

You might also like