নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত অতিশীঘ্রেই স্থাপন হ’ব উচ্চ নিৰাপত্তাযুক্ত কাৰাগাৰ

নিয়মীয়া বাৰ্তা, ২৮মাৰ্চ: অসমত অতিশীঘ্রেই স্থাপন কৰা হ’ব উচ্চ নিৰাপত্তাযুক্ত কাৰাগাৰ (High Security Prison)৷ কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ পুঁজিৰে নির্মাণ হ’বলগীয়া কাৰাগাৰখনৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰে অসমৰ বিভিন্ন প্রান্তত মাটি বিচৰাৰ কাম আৰম্ভ কৰিছে৷ ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰ এক সূত্রই জনোৱা মতে, বিভিন্ন স্থানত মাটি বিচৰাৰ লগতে কামৰূপ জিলাতো উপযুক্ত মাটিৰ সন্ধান অব্যাহত ৰাখিছে৷ অৱশ্যে এতিয়ালৈকে মাটি চূড়ান্ত হোৱা নাই যদিও হাজোৰ আশে–পাশেই কাৰাগাৰখন নির্মাণ কৰাৰ চূড়ান্ত সম্ভাৱনা আছে বুলিও সূত্রটোত প্রকাশ৷

উল্লেখ্য যে কেন্দ্রীয় গৃহ মন্ত্রালয়ে কাৰাগাৰখন নির্মাণৰ বাবে ১০০ কোটি টকাৰ পুঁজি নির্ধাৰণ কৰিছে৷ কাৰাগাৰখন নির্মাণৰ বাবে বিস্তৃত প্রকল্প প্রতিবেদন (ডিপিআৰ) প্রস্তুতৰ কামো বর্তমান চলি আছে৷ অসমত ইমানসংখ্যক কাৰাগাৰ থকাৰ পাছতো কি ধৰণৰ বিশেষ সুবিধা থাকিব এই বিশেষ কাৰাগাৰখনত, যাৰ বাবে ইমান চর্চা চলিছে? গোপনীয়তাৰ খাটিৰত সূত্রটোৱে বিশেষ কথাৰ অৱতাৰণা নকৰাকৈ কয় যে সাধাৰণ কাৰাগাৰত নথকা সকলো ধৰণৰ বিশেষ সুবিধা এই কাৰাগাৰখনত থাকিব৷ সুৰক্ষামূলক ব্যৱস্থাৰ সকলোখিনি সুবিধাই তাত থাকিব৷ কাৰাগাৰৰ কোঠাৰ পৰা প্রৱেশ–প্রস্থানৰ বাবে আটাইবোৰ দুৱাৰ–খিৰিকী অত্যাধুনিক ব্যৱস্থাৰে সংযোজিত থাকিব৷ এক অর্থত সম্পূর্ণ স্বয়ংক্রিয় অত্যাধুনিক ব্যৱস্থাৰ পয়োভৰ ঘটিব কাৰাগাৰখনত৷ যিকোনো পৰিস্থিতিতে কাৰাগাৰত থকা কাৰাবন্দীয়ে যাতে কোনোধৰণৰ অনৈতিক কার্যত লিপ্ত হ’ব নোৱাৰে তাৰ বাবে কঠোৰৰ পৰা কঠোৰতম সুৰক্ষা ব্যৱস্থাসমূহ তাত সংযোজিত হ’ব৷

মন কৰিবলগীয়া যে বিশেষ কাৰাগাৰখনত সকলো ধৰণৰ কাৰাবন্দী ৰখা নহয়৷ সূত্রটোৱে জনোৱা মতে, দেশদ্রোহিতাৰ গোচৰত অভিযুক্ত, ম’ষ্ট ৱাণ্টেড সন্ত্রাসবাদী, ৰাজনৈতিকভাৱে গুৰুতৰ গোচৰত দোষী সাব্যস্ত হোৱা কাৰাবন্দীকহে বিশেষ কাৰাগাৰখনত ৰখা হ’ব৷ উল্লেখ্য যে উত্তৰ–পূর্বাঞ্চলৰ ভিতৰত অসমক বিশেষ এই কাৰাগাৰখন নির্মাণৰ বাবে কেন্দ্রীয় চৰকাৰে বাছনি কৰাৰ লগতে দেশৰ আন পাঁচখন ৰাজ্য ক্রমে দিল্লী, পঞ্জাব, তামিলনাডু, কর্ণাটক আৰু ঝাৰখণ্ডতো উচ্চ নিৰাপত্তাযুক্ত আন পাঁচখন কাৰাগাৰ নির্মাণ কৰাৰ প্রস্তুতি চলাইছে কেন্দ্রীয় গৃহ মন্ত্রালয়ে৷ কিছুসংখ্যক ৰাজ্যত বিশেষ কাৰাগাৰখন নির্মাণৰ প্রাৰম্ভিক কাম–কাজবোৰ আৰম্ভ হৈছে যদিও অসমত এই কামৰ বিশেষ অগ্রগতি হোৱা নাই৷ সূত্রটোৰ মতে, নিৰাপত্তাজনিত কাৰণত অসম আনবোৰ ৰাজ্যৰ তুলনাত কিছু পৃথক হোৱা বাবে অলপ পলম হৈছে৷ জানিব পৰা মতে, বিশেষ এই কাৰাগাৰখনত অসম আৰক্ষীৰ বিশেষ সশস্ত্র বাহিনীৰ লগতে কেন্দ্রীয় সশস্ত্র নিৰাপত্তা বাহিনীয়েও নিৰাপত্তাৰ দিশবোৰ চোৱা–চিতা কৰিব৷

You might also like