নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উজ্জ্বল ৰঙেৰে আঁক–বাক কৰিব পথৰ গৰুৰ শিং

🔹 পথ দুর্ঘটনা ৰোধৰ বাবে চৰকাৰৰ ব্যতিক্রমী পদক্ষেপ

নিউজ ডেস্ক, ১৯ নৱেম্বৰ : পথত ঘূৰি ফুৰা মালিকবিহীন গৰু ভয়াৱহ সমস্যা হৈ উঠিছে ছত্তিশগড়ত৷ পথৰ গৰুৰ বাবে ৰাজ্যখনৰ বিভিন্ন প্রান্তত পথ দুর্ঘটনা বৃদ্ধি পাই আহিছে৷ এনে কাৰণতেই ছত্তিশগড় চৰকাৰে পথৰ গৰুৰ কাৰণে সংঘটিত হোৱা দুর্ঘটনা ৰোধৰ বাবে ব্যতিক্রমী পদক্ষেপ গ্রহণ কৰিব৷ চৰকাৰে প্রকাশ কৰা মতে, মালিকবিহীন গৰুৰ বাবেই সংঘটিত দুর্ঘটনা প্রতিৰোধ কৰাৰ বাবে পথৰ গৰুৰ শিং উজ্জ্বল ৰঙেৰে আঁক–বাক কৰিব৷ ৰং লগোৱা শিঙৰ বাবে গৰু প্রত্যক্ষ কৰাত সহায় হ’ব গাড়ীচালকৰ৷ ইয়াৰ পৰিপ্রেক্ষিতত গৰাকীবিহীন গৰুৰ কাৰণে সংঘটিত হোৱা দুর্ঘটনা হ্রাস পাব৷ ইতিমধ্যে গৰুৰ শিঙত কি কি ৰং ব্যৱহাৰ কৰা হ’ব, তাৰ বাবে কমিটীয়ে সিদ্ধান্ত গ্রহণ কৰিব৷ নিশাৰ ভাগত পথৰ দাঁতিত থকা গৰুৰ শিং উজলি উঠিলেই গাড়ী চালকৰ বাবে ই সজাগতা আৰু সতর্কতা আনি দিব৷ এই লৈ চৰকাৰে গৰুৰ শিঙত চিকমিকোৱা ৰং ব্যৱহাৰৰ সম্ভাৱনা আছে৷ উল্লেখ্য যে ছত্তিশগড়ত বিগত আঢ়ৈ বছৰত গৰাকীবিহীন গৰুৰ বাবে ৩০৮টা পথ দুর্ঘটনা সংঘটিত হৈছে৷ গৰু বচাবলৈ গৈ অধিকাংশ দুর্ঘটনা হৈছে৷ দুর্ঘটনাত ২৩১জনৰ মৃত্যু ঘটাৰ লগতে ৬৪জন আহত হৈছে৷ মাওবাদীয়ে হত্যা কৰা লোকৰ তুলনাত গৰুৰ বাবে সংঘটিত পথ দুর্ঘটনাত অধিক লোকৰ মৃত্যু ঘটিছে৷ গৰুৰ শিঙত ৰং লগোৱাৰ উপৰি পথ ওপৰত যাতে গৰু আহিব নোৱাৰে, তাৰো ব্যৱস্থা কৰাৰ পৰিকল্পনা কৰিছে চৰকাৰখনে৷ গৰুক লৈ চৰকাৰখনৰ ব্যতিক্রমী পদক্ষেপ চর্চাৰ বিষয় হৈ উঠিছে৷

You might also like