নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছত্তীশগড়ত প্রথমবাৰলৈ ১৩ ট্রেন্সজেণ্ডাৰক আৰক্ষী কনিষ্টবল হিচাপে নিযুক্তি

নিয়মীয়া বাৰ্তা, ১১ মার্চঃ ছত্তীশগড় আৰক্ষীয়ে ১৩ গৰাকী তৃতীয় লিংগৰ ব্যক্তিক কনিষ্টবল হিচাপে নিয়োগ কৰিছে।

এইটো প্ৰথমবাৰৰ বাবে হৈছে য’ত তৃতীয় লিংগৰ ব্যক্তিক ৰাজ্যিক আৰক্ষী বাহিনীত অন্তৰ্ভুক্ত কৰা হৈছে।

আৰক্ষীৰ দৰে এটা বৃত্তিত নিয়োগৰ সুবিধা প্ৰদান কৰা বাবে ছত্তীশগড় আৰক্ষীক ধন্যবাদ জনাইছে তৃতীয় লিংগৰ ব্যক্তিসকলে।

“যোগ্যতাৰ ভিত্তিত ১৩ গৰাকী ট্রেন্সজেণ্ডাৰ প্ৰাৰ্থীক কনিষ্টবল হিচাপে নিয়োগ কৰা হৈছে। আন দুজন অপেক্ষাৰ তালিকাত আছে।” -ছত্তীশগড়ৰ আৰক্ষী সঞ্চালক ডি এম অৱাষ্টীয়ে কয়।

“এইটো এটা ডাঙৰ সুযোগ আৰু আমি আৰক্ষী বিভাগক ইয়াৰ বাবে ধন্যবাদ জনাব বিচাৰোঁ। এই আৰক্ষী বিভাগৰ এই উদ্যোগটোৱে আমাৰ সম্প্ৰদায়টোক ৰাইজে যিদৰে দৰ্শন কৰে, তাক পৰিৱৰ্তন আনিব”– কনিষ্টবল হিচাপে নিয়োগ হোৱা ছোনিয়াই এইদৰে কয়।

You might also like