LACৰ সমীপত পুনৰ চীনে নিৰ্মাণ কৰিছে বান্ধ; উপগ্ৰহৰ ছবিত ধৰা পৰিল এই তথ্য
নিয়মীয়া বাৰ্তা, ২০জানুৱাৰী: পুনৰবাৰ সীমান্তত সক্ৰিয় ৰূপত দেখা গৈছে চীনক। নতুন উপগ্ৰহৰ ছবিয়ে প্ৰকাশ কৰিছে যে চীনে ভাৰত-নেপাল সীমান্তৰ সমীপত গংগা নদীৰ উপনৈত তিব্বতত নতুন বান্ধ নিৰ্মাণ কৰি আছে। কিছুদিন পূৰ্বে আন এখন উপগ্ৰহৰ ছবিত দেখা গৈছিল যে চীনে এল এ চিৰ পূব আৰু পশ্চিম খণ্ডৰ সামৰিক, আন্তঃগাঁথনি আৰু গাঁও নিৰ্মাণৰ কাম দ্ৰুতগতিত আৰম্ভ কৰিছে।
ইণ্টেল লেবছৰ ভূ-স্থানীয় চোৰাংচোৱাৰ গৱেষক ডেমিয়ান চাইমনে বৃহস্পতিবাৰে টুইটাৰত এই ছবিসমূহ শ্বেয়াৰ কৰে। ছবিখনত দেখা যায় যে ২০২১ চনৰ মে’ মাহৰ পৰা চীনে আন্তঃগাঁথনি উন্নয়ন কৰি তিব্বতৰ বুৰাং কাউন্টিত মাবজা জাংবো নদীত বান্ধ নিৰ্মাণ কৰি আছে। মন কৰিবলগীয়া যে মাবজা জাংবো নদী ভাৰতত গংগাত লগ হোৱাৰ আগতে নেপালৰ ঘঘৰা বা কৰ্ণালী নদীত মিলিত হৈছে।
Since early 2021, China has been constructing a dam on the Mabja Zangbo river just a few kilometers north of the trijunction border with India & Nepal, while the structure isn’t complete, the project will raise concerns regarding China’s future control on water in the region pic.twitter.com/XH5xSWirMk
— Damien Symon (@detresfa_) January 19, 2023
গৱেষক ডেমিয়েন চাইমনে কয় যে এই বান্ধটো ভাৰত আৰু নেপালৰ সৈতে চীনৰ সীমান্তৰ ট্ৰাইছেকচনৰ পৰা কেইকিলোমিটাৰ উত্তৰত অৱস্থিত। চাইমনে লগতে আঙুলিয়াই দিয়ে যে নতুন উপগ্ৰহৰ ছবি অনুসৰি বান্ধটোৰ দৈৰ্ঘ্য ৩৫০ মিটাৰৰ পৰা ৪০০ মিটাৰ। তেওঁ কয়, “যিহেতু এতিয়াও নিৰ্মাণ চলি আছে, গতিকে ইয়াৰ উদ্দেশ্যৰ ওপৰত একো ক’ব নোৱাৰি।” অৱশ্যে চাইমনে কয় যে ইয়াৰ ওচৰতে এয়াৰপৰ্ট এটাও নিৰ্মাণ কৰা হৈছে।