🔹 কৃত্রিম উপগ্রহত বেইজিঙৰ অভিসন্ধি প্রমাণিত
নিউজ ডেস্ক, ১৬ অক্টোবৰ : সীমান্তত উত্তেজনা শাম কটোৱাৰ বাবে ভাৰত আৰু চীনে কূটনীতিৰে প্রচেষ্টা গ্রহণ কৰি থকাৰ সময়তে আন্তর্জাতিক সীমান্তৰ সমীপত চীনে সামৰিক আন্তঃগাঁথনি নির্মাণ কৰাৰ নিত্য নতুন তথ্য পোহৰলৈ আহি আছে৷ কৃত্রিম উপগ্রহৰ জৰিয়তে সংগ্রহ কৰা আলোকচিত্রত চীনে পাংগং হ্রদৰ সমীপত সেনাৰ বাবে আন্তঃগাঁথনি নির্মাণ কৰাৰ তথ্য নিশ্চিত হৈছে৷ ভাৰতবিৰোধী স্থিতিৰে ইতিমধ্যে চীনে পাংগং হ্রদৰ বিবদমান এলেকাত সেনাৰ বাবে কংক্রিটৰ দলং নির্মাণ কৰাৰ তথ্য পোহৰলৈ আহিছে৷ ঠিক তেনেদৰে উত্তৰ–পূর্বাঞ্চলৰ অৰুণাচল প্রদেশৰ সীমান্তৰ সমীপতে বেইজিঙে সামৰিক বাহিনীৰ বাবে হেলিপেড নির্মাণ কৰি আছে৷ ইয়াৰ মাজতেই পাংগং হ্রদৰ সমীপতে সেনাই ব্যৱহাৰ কৰাৰ বাবে ১০০তকৈ অধিক অট্টালিকা চীনে নির্মাণ কৰাৰ তথ্য আলোকচিত্রত নিশ্চিত হৈছে৷ ২০২০ চনত ভাৰত আৰু চীনৰ সেনাৰ মাজত ভয়াৱহ সংঘর্ষ লগা গালৱান উপত্যকাৰ পৰা মাত্র ৩৮ কিলোমিটাৰ পূবে চীনে ১০০তকৈ অধিক অট্টালিকা সেনাৰ বাবে নির্মাণ কৰি আছে৷ নির্মাণ প্রায় সম্পূর্ণ হৈ উঠা এই অট্টালিকাত পিএলএই বাহৰ পাতি থাকিব৷ উল্লেখ্য যে আমেৰিকা যুক্তৰাষ্ট্রস্থিত মেকচাৰ টেকনল’জীয়ে যোৱা ৯ অক্টোবৰত পাংগং হ্রদৰ সমীপত ১৭ হেক্টৰ ভূমি সাঙুৰি চীনে নির্মাণ কৰি থকা আন্তঃগাঁথনিৰ তথ্য আলোকচিত্রযোগে সংগ্রহ কৰিছে৷ আলোকচিত্রত স্পষ্ট হৈ পৰা মতে ১০০তকৈ অধিক অট্টালিকা আছে৷ ইয়াৰ ভিতৰত আৱাসিক গাঁথনিসহ প্রশাসনিক অট্টালিকাও আছে৷ অট্টালিকাসমূহৰ মাজত খালী ঠাই ৰখা হৈছে৷ এই ঠাইসমূহ কি কাৰণত ব্যৱহাৰ কৰিব, সেয়া স্পষ্টকৈ জানিব পৰা হোৱা নাই যদিও ভৱিষ্যতে পার্ক অথবা খেলাৰ সুবিধা থাকিব৷ অট্টালিকাসমূহ এমহলীয়াৰ পৰা দুমহলীয়া, ওচৰত সৰু সৰু চালি আছে৷ এই আন্তঃগাঁথনি উচ্চ স্থানত নির্মাণ কৰা হোৱা বাবে ইয়াৰ পৰাই চীনৰ সেনাই দূৰৰ গতিবিধি লক্ষ্য কৰিব পাৰিব বুলিও বিশেষজ্ঞসকলে মন্তব্য কৰিছে৷ আন্তর্জাতিক সীমান্তত চীনে দ্রুতগতিত আন্তঃগাঁথনি বিশেষকৈ সামৰিক বাহিনীৰ ব্যৱহাৰৰ বাবে নির্মাণ কৰাৰ বিষয়টোৱে নতুন দিল্লীক উদ্বিগ্ণ কৰি ৰাখিছে৷