নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড প্রতিৰোধত গোলকীয় নেতৃত্বৰ দিশত চীন

ভাৰতলৈ গুৰুত্বপূর্ণ চিকিৎসা সাহায্য প্রেৰণ প্রতিবেশী ৰাষ্ট্রৰ

নিয়মীয়া বাৰ্তা ১ মেঃ ৰাছিয়া, আমেৰিকা, ইউৰোপীয় সংঘৰ পিছত শেহতীয়াকৈ ক’ভিড মহামাৰী প্রতিৰোধৰ ক্ষেত্রত গোলকীয় নেতৃত্ব লোৱাৰ বাবে আগবাঢ়ি আহিছে চীনে৷ ভাৰতত ক’ভিড মহামাৰীৰ সংক্রমণৰ দ্বিতীয় জোৱাৰ চলি থকাৰ সময়তে চীনে দেশখনক বিভিন্ন ধৰণে সহায় কৰিবলৈ আগবাঢ়ি আহিছে৷ ভাৰতৰ বিদেশ সচিব হর্ষবর্ধন শ্রিংলাই এখন সংবাদ মেলত ঘোষণা কৰিছে এই কথা৷ লক্ষণীয়ভাৱে ভাৰতীয় কোম্পানীসমূহে চীনৰ পৰা ইতিমধ্যেই বিভিন্ন গুৰুত্বপূর্ণ চিকিৎসা সামগ্রী তথা সঁজুলি লাভ কৰিবলৈ সক্ষম হৈছে৷

এই কোম্পানীসমূহে ক’ভিড প্রতিৰোধী যুঁজৰ বিভিন্ন সামগ্রী প্রস্তুত কৰি আহিছে৷ কিন্তু ইয়াৰ কেঁচামাল তথা সঁজুলিবোৰ আহিছে চীনৰ পৰা৷ অক্সিজেন জেনেৰেটৰ, কনচেনট্রেটৰ বা বিভিন্ন দৰবজাত সামগ্রী চীনৰ পৰা ভাৰতলৈ প্রেৰণ কৰা বুলি ঘোষণা কৰিছে বিদেশ সচিবগৰাকীয়ে৷ লক্ষণীয়ভাৱে চীনে কার্গ’ বিমানেৰে সঘনে ভাৰতলৈ বিভিন্ন সঁজুলি প্রেৰণ কৰি আহিছে৷ ভাৰতলৈ চীনৰ এই সাহায্য অভিযান দুর্যোগৰ সময়ত অতি গুৰুত্বপূর্ণ বুলি চিহ্ণিত হৈছে যদিও দুয়োখন দেশৰ অৱনমিত সম্পর্কক উন্নত কৰাৰ বাবে বেইজিং প্রশাসনে এনে ব্যৱস্থা গ্রহণ কৰা বুলি বিভিন্ন মহলে সন্দেহ কৰিছে৷ কিন্তু চীনে স্পষ্ট কৰি দিছে যে বিশ্বজুৰি চলা ক’ভিড সংকটৰ মোকাবিলা কৰিবলৈ দেশখনে প্রচেষ্টা চলাই আহিছে৷ এনে ক্ষেত্রত ভাৰত বা যিকোনো দেশকেই চীনে সহায় কৰিবলৈ আগ্রহী বুলিও বেইজিঙৰ এক সূত্রই সদৰী কৰিছে৷

You might also like