🔹 চিংৰা-কেকৰ ভাগ পালে মুখ্যমন্ত্রীৰ নিৰাপত্তাৰ দায়িত্বত থকা কর্মীয়ে
নিউজ ডেস্ক, ৯ নৱেম্বৰ : হিমাচল প্রদেশৰ চিংৰা বিতর্কত এইবাৰ চিআইডি তদন্তৰ নির্দেশ দিয়া হ’ল৷ চিংৰা ক’ত, কেনেদৰে নির্দিষ্ট স্থানলৈ চিংৰা আহি নাপালে, তাক লৈয়েই বিতর্কৰ সূত্রপাত৷ শেষত ৰাজ্য চৰকাৰে চিআইডি তদন্তৰ নির্দেশ দিছে৷ অকল সেয়াই নহয়, এই ঘটনাক ‘চৰকাৰবিৰোধী’ বুলিও দাবী কৰা হৈছে৷ ফলত হিমাচলৰ ৰাজনীতি এতিয়া ‘চিংৰাময়’ হৈ পৰিছে৷ ঘটনাৰ সূত্রপাত যোৱা ২১ অক্টোবৰত৷ হিমাচলৰ মুখ্যমন্ত্রী সুখবিন্দৰ সিং সুখু গৈছিল চিআইডিৰ সদৰ কার্যালয়লৈ৷ কার্যালয়টোত চাইবাৰ শাখা উদ্বোধন কৰে মুখ্যমন্ত্রীয়ে৷ মুখ্যমন্ত্রীৰ বাবে জলপানৰ ব্যৱস্থা কৰা হৈছিল তাত৷ কিন্তু তাৰ বাবে চিংৰা আৰু কেকৰ অর্ডাৰ দিয়া হৈছিল যদিও এয়া আহি নাপালে৷ বিলাসবহুল হোটেলৰ পৰা মুখ্যমন্ত্রীৰ ওচৰলৈ নাহিল জলপান৷ ইয়াৰ বিপৰীতে মুখ্যমন্ত্রীৰ নিৰাপত্তাৰ দায়িত্বত থকা কর্মীসকলে ভাগ পালে চিংৰা আৰু কেকৰ৷ কেনেদৰে এই কাণ্ড ঘটিল, তাক লৈ উত্তপ্ত ৰাজ্যখন৷ শেষত এই ঘটনা সন্দর্ভত চিআইডি তদন্তৰ নির্দেশ দিলে চৰকাৰে৷