নিয়মীয়া বার্তা, ১৭ মেঃ সমগ্র দেশতে ক’ৰোনা মহামাৰীত আক্রান্ত আৰু মৃতকৰ সংখ্যা বৃদ্ধি পালেও চিকিৎসকৰ নেৰানেপেৰা প্রচেষ্টাত আৰোগ্যৰ হাৰে যথেষ্ট বৃদ্ধি পাইছে৷ কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ে শনিবাৰে প্রকাশ কৰা তথ্য অনুসৰি কালিলৈকে দেশত ৮৫,৯৪০টা ক’ৰোনা ভাইৰাছ সংক্রমণৰ বিপৰীতে এতিয়ালৈকে ৩০,১৫৩জন লোকে আৰোগ্য লাভ কৰিছে৷
সেই অনুযায়ী ভাৰতত ক’ৰোনাত আৰোগ্যৰ হাৰ হ’ল ৩৫.০৮৬ শতাংশ৷ আনহাতে, ২,৭৫০ লোকৰ মৃত্যুৰ পাছত মৃতকৰ হাৰ হয়গৈ ৩.২ শতাংশ৷
উল্লেখ্য যে সমগ্র বিশ্বৰ তুলনাত মৃতকৰ হাৰ ভাৰতত প্রায় আধা৷ বিশ্বজুৰি ৩,০৮,৬৪৫ জন লোকৰ মৃত্যুৰ পাছত মৃতকৰ হাৰ হৈছেগৈ ৬.৬ শতাংশ৷ দেশত সর্বাধিক আক্রান্ত মহাৰাষ্ট্রত আজি সংক্রমিত লোকৰ সংখ্যাই ৩০ হাজাৰ অতিক্রম কৰিলে৷ কালিলৈকে ৰাজ্যখনত আৰোগ্যৰ হাৰ আছিল ২২.৫ শতাংশ৷ ৰাজ্যখনত মৃত্যু হৈছে ১,১৩৫ জনৰ৷ মুম্বাইতে প্রাণ হেৰুৱাইছে ১৮,৫৫৫জনে৷
আনহাতে, তামিলনাডুত ১০ সহস্রাধিক আক্রান্ত হোৱাৰ বিপৰীতে আৰোগ্যৰ হাৰ ২৫.৭১ শতাংশ৷ ইফালে দেশৰ ৰাজধানী দিল্লীত প্রায় ৯ সহস্রাধিক লোক আক্রান্ত হ’লেও আৰোগ্যৰ হাৰ প্রায় ৪০ শতাংশ৷ দেশখনত ৫০ সহস্রাধিক লোক এতিয়াও চিকিৎসাধীন হৈ আছে৷ ইয়াৰে ৩০ হাজাৰ ১৫২জন লোকে এতিয়ালৈকে আৰোগ্য লাভ কৰি ঘৰলৈ উভতি গৈছে৷
শেহতীয়া তথ্য মতে, ভাৰতত ক’ৰোনা মহামাৰীত আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পালে ৯০,৩৯৮জনলৈ৷ আজিৰ দিনটোত সংক্রমিত হৈছে অভিলেখসংখ্যক ৪,৫৮২জন৷ ইফালে ১০৯জন লোকৰ মৃত্যুৰ পাছত মুঠ মৃতকৰ সংখ্যা বৃদ্ধি পালে ২,৮৬২ জনলৈ৷ উল্লেখ্য যে শনিবাৰৰ দিনটোত ৩,৯৫৩ জন লোক আৰোগ্য হয়৷ শেহতীয়া তথ্য মতে মুঠ আৰোগ্যৰ সংখ্যা হ’ল ৩৩,৮৯৮ জন৷