নিয়মীয়া বাৰ্তা, ৮ মে’ : ক’ভিড–১৯ মহামাৰীৰ সময়তো এক অনাকাংক্ষিত অভিলেখৰ গৰাকী হ’ব ভাৰত৷ জনবিস্ফোৰণৰ মহাসংকটে বিপদত পেলাব দেশখনক৷ ক’ভিড–১৯ক মহামাৰী হিচাপে ঘোষণা কৰাৰ ৯ মাহৰ ভিতৰত দেশে কেঁচুৱা জন্মৰ ক্ষেত্রত অভিলেখ গঢ়িব৷ ৰাষ্ট্রসংঘৰ শিশু পুঁজি (ইউনিচেফ)–এ প্রকাশ কৰা মতে মার্চৰ পৰা ডিচেম্বৰ মাহলৈকে ভাৰতত ২.১ কোটি কেঁচুৱা জন্মলাভ কৰাৰ সম্ভাৱনা আছে৷
ইউনিচেফে প্রকাশ কৰা মতে, ক’ভিড–১৯ মহামাৰীৰ সময়ছোৱাত বিশ্বব্যাপী ১১৬ নিযুত কেঁচুৱাৰ জন্ম হ’ব৷ ইয়াৰে ভিতৰত ভাৰতত ২.১ কোটি কেঁচুৱাই জন্মলাভ কৰিব৷ ১১ মার্চৰ পৰা ১৬ ডিচেম্বৰলৈকে ভাৰতত এই কেঁচুৱাৰ জন্ম হ’ব৷ বিশ্বৰ সর্বাধিক কেঁচুৱাৰ জন্ম ভাৰতত হোৱাৰ বিপৰীতে দ্বিতীয় স্থানত আছে চীন৷
জনসংখ্যাৰ দৃষ্টিৰে বিশ্বৰ ১ নম্বৰ স্থানত থকা চীনত এই সময়ছোৱাত জন্ম লাভ কৰিব ১.৩৫ কোটি৷ ৬.৪ নিযুতেৰে তৃতীয় স্থানত নাইজেৰিয়া, ৫ নিযুতেৰে চতুর্থ স্থানত পাকিস্তান আৰু ৪ নিযুতেৰে পঞ্চম স্থান আছে ইণ্ডোনেছিয়া৷ ইউনিচেফৰ তথ্যত প্রকাশ পোৱা মতে, জানুৱাৰীৰ পৰা ২০২০ৰ ডিচেম্বৰলৈকে ভাৰতত জন্মলাভ কৰিব ২.৪ কোটি কেঁচুৱা৷ মন কৰিবলগীয়া যে বিশ্ব স্বাস্থ্য সংস্থাই ক’ৰোনা ভাইৰাছক মহামাৰী ৰূপে ঘোষণা কৰাৰ পিছত ১১ মার্চৰ পৰা কেঁচুৱাৰ জন্মৰ বাবে ৪০ সপ্তাহৰ প্রয়োজন হ’ব৷ এনে দৃষ্টিৰে যুগুতোৱা তথ্য মতে বিশ্বত ১১.৬ কোটি কেঁচুৱা পৃথিৱীলৈ আহিব৷ অহা ১০ মে’ মাতৃ দিৱসৰ প্রাক্মুহূর্তত ইউনিচেফে প্রকাশ কৰা কেঁচুৱা জন্মৰ তালিকাত ভাৰতে শীর্ষস্থান লাভ কৰাটো তাৎপর্যপূর্ণ৷
মহামাৰী ক’ভিড–১৯ত বিধ্বস্ত হ’লেও আমেৰিকা যুক্তৰাষ্ট্রত এই সংকটৰ সময়ত ৩.৩ নিযুত কেঁচুৱা জন্ম পোৱাৰ সম্ভাৱনা আছে৷ বিশ্ব জনসংখ্যা সম্ভাৱনা ২০১৯ৰ তথ্যৰ আধাৰতে ইউনিচেফে এই তথ্য প্রকাশ কৰিছে৷ উল্লেখ্য যে বিশ্বৰ বিভিন্ন দেশত জন্মৰ পূর্বে কেঁচুৱাৰ মৃত্যুৰ হাৰ মহামাৰী ক’ভিড–১৯ৰ সময়তো অব্যাহত থাকিব৷ ইউনিচেফৰ তথ্য মতে প্রতিবছৰে ২.৮ নিযুত গর্ভৱতী মহিলা আৰু নৱজাতকৰ মৃত্যু ঘটে৷ অর্থাৎ প্রতি ১১ ছেকেণ্ডত এজনৰ মৃত্যু ঘটে৷ মহামাৰীৰ সময়ছোৱাতো এনে মৃত্যুৰ হাৰ অস্বাভাৱিক নহ’ব বুলি প্রকাশ কৰিছে ইউনিচেফে৷