বিগত ২৪ ঘণ্টাত ভাৰতত ক’ৰোনা মহামাৰীত ৪৯০জন লোকৰ মৃত্যু
নিয়মীয়া বাৰ্তা, ৩ নৱেম্বৰঃ ভাৰতত এতিয়াও ক’ৰোনা ভাইৰাছৰ ফলত হোৱা মৃত্যু অব্যাহত আছে। আনহাতে, ২৪ ঘণ্টাত এই মহামাৰীত ৪৯০জন লোকৰ মৃত্যু হৈছে, ৩৮,৩১০জন লোক এটা দিনত সংক্ৰমিত হৈছে। একে সময়তে দেশত ক’ৰোনা আক্ৰান্তৰ মুঠ সংখ্যা ৮২,৬৭,৬২৩লৈ বৃদ্ধি পাইছে। দেশৰ ৰাজধানী দিল্লীত ক’ৰোনাৰ ঘটনা দ্ৰুতগতিত বাঢ়িছে।
সোমবাৰে দিল্লীত ক’ৰোনা ভাইৰাছৰ সংক্ৰমণৰ সংখ্যা আছিল ৪০০১। দিল্লীত একেৰাহে পাঁচ দিনৰ বাবে দৈনিক ৫০০০ৰো অধিক লোক সংক্ৰমণ হৈছিল আৰু দেওবাৰে সংক্ৰমিত ৰোগীৰ সংখ্যা আছিল ৫৬৬৪। এটা দিনত সংক্ৰমণৰ সংখ্যা আছিল সৰ্বাধিক ৫৮৯১। ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ(আই চি এম আৰ)ৰ সংখ্যা মতে, ২০২০ চনৰ ২ নৱেম্বৰলৈকে দেশত ক’ৰোনাৰ মুঠ ১১,১৭,৮৯,৩৫০ নমুনা পৰীক্ষা কৰা হৈছে।