নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রধানমন্ত্রী কৃষক সন্মান নিধিত দুর্নীতি কৃষক সভাৰ প্রতিবাদত উত্তাল ৰাজ্য

নিয়মীয়া বাৰ্তা, ৩ জুলাইঃ প্রধানমন্ত্রী কৃষক সন্মান নিধিৰ হিতাধিকাৰী বাছনিক লৈ সংঘটিত দুর্নীতি–নিয়মৰ বিৰুদ্ধ সোমবাৰে ৰাজ্যজুৰি উত্তাল প্রতিবাদ সাব্যস্ত কৰে অসম ৰাজ্যিক কৃষক সভাই৷ ধুবুৰী, কোকৰাঝাৰ, বৰপেটা, কামৰূপ, নগাঁও, বাক্সা, গোৱালপাৰা, কামৰূপ (মহানগৰ)কে ধৰি বিভিন্ন জিলাত ৰূপায়িত এই প্রতিবাদী কার্যসূচীৰ জৰিয়তে সংগঠনটোৱে প্রধানমন্ত্রী কৃষক সন্মান নিধিৰ দুর্নীতিৰ তদন্ত প্রতিবেদন–ভুৱা হিতাধিকাৰীৰ নাম ৰাজহুৱা কৰা, দোষী বিষয়াক শাস্তি প্রদান আদি দাবী উত্থাপন কৰে৷

গুৱাহাটী ক্লাবৰ ৰ’টাৰীত ৰূপায়িত প্রতিবাদী কার্যসূচীত অসম ৰাজ্যিক কৃষক সভাৰ লগতে চি আই টি ইউ, নিখিল ভাৰত গণতান্ত্রিক মহিলা সমিতি, ভাৰতৰ ছাত্র ফেডাৰেচন আৰু ভাৰতৰ গণতান্ত্রিক যুৱ ফেডাৰেচনৰ অসম ৰাজ্যিক কমিটীয়েও যোগদান কৰে৷ বিক্ষোভস্থলীৰ পৰা অসমৰ মুখ্যমন্ত্রীলৈ এখন স্মাৰক–পত্র প্রেৰণ কৰা হয়৷

স্মাৰক–পত্রখনত কোৱা হৈছে যে প্রধানমন্ত্রী কৃষক সন্মান নিধিৰ হিতাধিকাৰী তালিকাৰ দুর্নীতিৰ বিৰুদ্ধে যোৱা বছৰ অসমত প্রতিবাদৰ জোৱাৰ উঠিছিল৷ তীব্র প্রতিবাদ, বিক্ষোভৰ মূৰত অসম চৰকাৰে তদন্তৰ ঘোষণা দিবলৈ বাধ্য হৈছিল৷ কেন্দ্রীয় কৃষিমন্ত্রী নৰেন্দ্র সিং টোমৰে যোৱা ২০ জুলাইত সংসদত এটা প্রশ্ণৰ উত্তৰত জনায় যে প্রধানমন্ত্রী কৃষক নিধিৰ অধীনত সমগ্র দেশতে ব্যাপক দুর্নীতি সংঘটিত হৈছে আৰু তিনি হাজাৰ কোটিৰো অধিক পৰিমাণৰ ধন ভুৱা হিতাধিকাৰীৰ নামত আদায় দিয়া হৈছে৷ ৮,৩৫,২৬৮গৰাকী ভুৱা হিতাধিকাৰীয়ে সৰকোৱা ৫৫৪ কোটি ১ লাখ ৭২ হাজাৰ টকাৰে অসম প্রধানমন্ত্রী কিষাণ নিধিৰ দুর্নীতিত দেশৰ ভিতৰতে এক নম্বৰত আছে৷ ব্যাপক প্রতিবাদৰ মূৰত কৃষিমন্ত্রী অতুল বৰাই তদন্তৰ নির্দেশ দিছিল৷

পূর্বৰ সকলো তদন্তৰ দৰেই এই তদন্তয়ো একে গতি লাভ কৰে আৰু ইয়াৰ প্রতিবেদন ৰাজ্য চৰকাৰে আজিলৈকে প্রকাশ নকৰিলে৷ চৰকাৰে ভুৱা হিতাধিকাৰীৰ সংখ্যা প্রকাশ কৰিছে যদিও ভুৱা হিতাধিকাৰীৰ তালিকা প্রকাশৰ পৰা আঁতৰি আছে৷ বৰঞ্চ যোৱা মাহত ৰাজ্যৰ কৃষি বিভাগে এক ৰাজহুৱা বিজ্ঞাপনৰ জৰিয়তে ভুৱা হিতাধিকাৰীসকলক ধন ঘূৰাই দিবলৈ বিনম্র অনুৰোধ জনাই বিষয়টো সিমানতে সামৰিবলৈ যত্ন কৰিছিল৷

You might also like