নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১ ছেপ্টেম্বৰৰ পৰা খুলিব দশম–দ্বাদশ–স্নাতক চূড়ান্ত বর্ষৰ শ্রেণী

নিয়মীয়া বাৰ্তা, ৩ জুলাইঃ  ৰাজ্যৰ ক’ভিড পৰিস্থিতি পূর্বতকৈ উন্নত হোৱাৰ প্রতি লক্ষ্য ৰাখি অহা ১ ছেপ্টেম্বৰৰ পৰা শিক্ষানুষ্ঠান খোলাৰ প্রস্তুতি চলাইছে ৰাজ্য চৰকাৰে৷ সোমবাৰে এই কথা ঘোষণা কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷

মুখ্যমন্ত্রীগৰাকীয়ে জানিবলৈ দিয়া মতে পৰিস্থিতি বর্তমানৰ দৰে থাকিলে চৰকাৰে চূড়ান্ত বর্ষৰ শ্রেণীৰ পাঠদান আৰম্ভ কৰাৰ চিন্তা–চর্চা চলাই আছে৷ ওদালগুৰিত এক কার্যসূচীত অংশ লৈ সংবাদ মাধ্যমক জানিবলৈ দি কয় যে জীৱনৰ নিৰাপত্তাৰ প্রতি লক্ষ্য ৰাখি বিদ্যালয়ৰ পাঠদান বন্ধ ৰখা হৈছে৷ ক’ভিড পৰিস্থিতিৰ ওপৰত নজৰ ৰখা হৈছে৷ যদি বর্তমানৰ পৰিস্থিতি উন্নত হয়, তেন্তে বিদ্যালয়ৰ পাঠদান ১ ছেপ্টেম্বৰৰ পৰা আৰম্ভ কৰিব পৰা যায় নেকি সেই দিশ চিন্তা কৰি থকা হৈছে৷ মুখ্যতঃ আমি চূড়ান্ত বর্ষৰ শ্রেণীসমূহ, যেনে– দশম, দ্বাদশ, স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্রমৰ পাঠদান আৰম্ভ কৰিব বিচাৰিছোঁ৷ এই চাৰিটা পাঠ্যক্রমৰ পাঠদান আৰম্ভ কৰাৰ বাবে প্রস্তুতি চলাই থকা হৈছে আৰু পৰিস্থিতিৰ ওপৰত আমি দৃষ্টি ৰাখিম৷ যদি অহা সময়ছোৱাত তৃতীয় ঢৌৰ পৰিৱেশৰ সৃষ্টি হয় অথবা ক’ভিড সংক্রমণ বাঢ়ি থাকে, তেন্তে শ্রেণীকোঠা আৰম্ভ কৰাৰ ৰিস্ক ল’ব নোৱাৰিম৷ কিন্তু আজিৰ দৰে পৰিৱেশ থাকিলে, তেতিয়া দশম, দ্বাদশ, স্নাতকৰ চূড়ান্ত বর্ষ আৰু স্নাতকোত্তৰ চূড়ান্ত বর্ষৰ শ্রেণীসমূহ আৰম্ভ কৰাৰ থকা ভাবি আছোঁ৷

You might also like